সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
ৰহদৈ লিগিৰী

হ’বই। সেইদেখি গোহাঁইদেৱে ৰহদৈক বিয়া কৰাই অনৰ্থ নঘটাবা। তাইক ৰাখনীস্বৰূপে ৰাখিব পাৰা।

 ৰজা—তাই সেইটোত মান্তি নহয়।

 ৰাজমাও—তেন্তে তাইক বিদায় দি আমাৰ সাতঘৰীয়া আহোমৰ ঘৰৰ জীয়ৰী এজনী বিয়া কৰোৱা।

 ৰজা—আইদেউতা! এতিয়া সেৱাহে জনালোঁ। বাৰু ৰহদৈক মই সদ্যহতে বিয়া নকৰাওঁ। মই আন এজনী ভাল ঘৰৰ জীয়ৰী বাৰু বিয়া কৰাম।

 এই বুলি কৈ ৰজা উঠি গ’ল।


অষ্টাদশ অধ্যায়

ৰজাৰ মাজুলীলৈ গমন

 ৰাজমাও দেউতাৰ সৈতে কথা-বতৰা হোৱাৰ দুদিনৰ পিছত চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে সৎৰামৰ হতুৱাই দয়াৰামক বিচাৰি আনিবলৈ চোৰাংচোৱা লগাই, নিজে লগত সৎৰাম, জয়ৰাম, মনাই, শান্তিৰাম এই চাৰিজন আৰু হাতী, ঘোঁৰা, দোলা, হিলৈদাৰী, ভাদৈ আৰু আঘণী লিগিৰী, লিকচৌ সমস্ত লৈ ব্ৰহ্মপুত্ৰৰ পাৰত সাজি থোৱা বাহৰত প্ৰথম দিনা ৰ’লগৈ। পিছদিনা হাতীবিলাক নৈত সাঁতোৰাই পাৰ কৰালে। দুপৰীয়া খাই-বৈ ৰজাই সসৈন্যে সজাই থোৱা নাৱত উঠি ব্ৰহ্মপুত্ৰ পাৰ হ’ল। ৰজা মাজুলীলৈ অহা শুনি ৰজা যি ঘাটত চাপিব তাত লোকে লোকাৰণ্য হ’ল। গোটেইবিলাক সত্ৰৰে অধিকাৰ পুৰুষসকলে পূৰ্বাপৰ দস্তুৰ মতে দোলা, ঘোঁৰা, হাতী ইত্যাদিত উঠি আহি নৈৰ ঘাটত ৰজালৈ বাট চাই ৰ’ল। ৰজাৰ নাও যথাসময়ত ঘাট চাপিল। ৰজাই নাৱৰ পৰা পয়োভৰেৰে বনাত পাৰি দিয়া বাটেৰে নামি ওপৰলৈ উঠিল। পোনেই চাৰিসত্ৰীয়া অধিকাৰ চাৰিজনে, তাৰ পিছত কমলাবাৰী, বেঙেনাআটী, আঁহতগুৰি এইসকল সত্ৰৰো অধিকাৰসকলে ৰজাক নিৰ্মালি দি আশীৰ্বাদ কৰি ৰজাৰ কুশল-মংগল বাতৰি সুধিলে। ৰজাৰ ফালৰ পৰা সৎৰামে এই সমস্তৰে উত্তৰ দিলে। তাৰ পিছত ৰজাই সৎৰামৰ হতুৱাই প্ৰভুসকল কেনে আছে, সত্ৰ-সভা কেনে চলিছে এইবিলাক বাতৰি লৈ আৰু ৰজা যে মাজুলীত অতি কমেও এমাহ থাকিব আৰু সত্ৰসকলে পূৰ্বাপৰ ৰীতিমতে ৰজাক যে ৰোজ দিব লাগিব এইবিলাক কথা জনাই ৰজাই ঘাটৰ পৰা অধিকাৰসকলক বিদায় দিলে। তাৰ পিছত সেই অপৰিচিত ৰাইজৰ জয়ধ্বনিৰ মাজত ৰজা গৈ পাতি ৰখা কিংখাপ মণ্ডিত সোণৰ চুলা লগোৱা কেঁকোৰা দোলাত উঠিল। ৰাইজে “জয় স্বৰ্গদেৱৰ জয়” বুলি ধ্বনি কৰিলে। আগে আগে জোঁৰ, কালি, খোল, মৃদংগ,