ৰহদৈ লিগিৰী সৰাম— স্বৰ্গদেৱ ঈশ্বৰে কৰোঁ বুলিলে যি ইচ্ছা তাকে কৰিব পাৰে। তথাপি বন্দীয়ে কথা একাষাৰ জনাব খোজোঁ। ৰজা— কি কথা নিৰ্ভয়ে জনোৱা। সৰাম— স্বৰ্গদেৱ ঈশ্বৰ। ৰহদৈ লিগিৰী নিচেই সামান্য কাঁড়ী পাইকৰ ঘৰৰ জীয়ৰী। তাইক ৰাণী পাতিলে অনৰ্থ ঘটিব পাৰে। আমাৰ আপই চুই-খায়ে নাযাব বোধকৰো বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁয়ো সন্মত নহ'ব। এনেয়ে বুঢ়াগোহাঁয়ে স্বৰ্গদেৱক ভাঙি নিজে ৰজা হ'বলৈ চেলু বিচাৰি আছে। পিছত স্বৰ্গদেৱে এই কাম কৰিলে সি তাৰ ইচ্ছা পূৰ কৰিবলৈ সুবিধা পাব। সেইদেখি বন্দীয়ে জনাওঁ স্বৰ্গদেৱে তাইক ৰাখনীস্বৰূপে ৰাখি আমাৰ সাতঘীয়া আহোম ডাঙৰীয়া এজনৰ জীয়ৰী এজনীকে বিয়া কৰাওক। ৰাজমাৱকো স্বৰ্গদেৱ ঈশ্বৰে এই বিষয়ে সুধি-পুছি চাওক। ৰজা— আইদেউতাক অৱশ্যে জনাম। পিছত ৰহদৈ লিগিৰীক যেতিয়াই এটা ডেকালৈ খোজা-বঢ়া কৰাৰ পিছত মোৰ ইয়ালৈ অনা হৈছে তেতিয়াই তাইক ৰাণী নকৰাকৈ তাই যে মোৰ ৰাখনী হ'বলৈ সম্মত হ'ব এইটোও মই আশা কৰিব নোৱাৰোঁ। বিশেষ তুমিয়ে দেখোন কৈছা তাই হেনো সেই ডেকাটোৰ লগত সৰুৰে পৰা একেলগে নাচি-বাগি ডাঙৰ হৈছে। সত্ৰাম- স্বৰ্গদেৱ ঈশ্বৰ! ল'ৰাকালিত কি ডেকা কি গাভৰুৱে মাছ মাৰোঁতে, ভূই ৰোওতে, বিহু গাওঁতে আৰু নাচোঁতে যি প্ৰেমৰ আলাপ কৰে তাৰ মূল্য একো নাই। ভাগ্য-চকৰিয়ে কেনি নিয়ে তাৰ ঠিকনা নাই। যেতিয়ালৈকে তিৰোতা পুৰুষৰ শয্যাশায়িনী নহয় তেতিয়ালৈকে সেই তিৰোতা বা গাভৰুৰ প্ৰেম সেইজনা পুৰুষলৈ স্থায়ী নহয়। ৰহদৈয়ে যি স্থলত দয়াৰামৰ তিৰোতা হৈ পোৱা নাই সেই স্থলত তাইৰ দয়াৰামলৈ প্ৰেম স্থায়ী নহয়। স্বৰ্গদেৱ ঈশ্বৰে অলপ ফুচুলিয়াই তাইক প্ৰেম- সম্ভাষণ কৰিলেই তাই স্বৰ্গদেৱক ভজিব। এবাৰ ভজিলেই পিছত তাই স্বৰ্গদেৱে যিভাবে ৰাখো বোলে সেইভাবেই ৰ'ব। ৰজা— সখি! তেন্তে মই তাইকো এবাৰ জোকাই চাওঁ— তাৰ পিছত আইদেউতাকো সুধি-পুছি আকৌ যি হয় তোমাক জনাম। সত্ৰাম— ভাল স্বৰ্গদেৱ ঈশ্বৰ। এতিয়া বন্দী বিদায় হ’মনে? ৰজা হ'ব পাৰা। ষোড়শ অধ্যায় ৰজা আৰু ৰহদৈ সত্ৰামৰ বিদায় দি উঠি ৰজাই তেওঁৰ আঠ বছৰ বয়সীয়া সাধনী নামৰ হাতধৰি লিগিৰীজনীক ৰহদৈক ৰংচ'ৰালৈ মাতি আনিব পঠালে। সাধনীয়ে গৈ ৰহদৈক মাতি
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/২৫
অৱয়ব