সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৮ ৰহদৈ লিগিৰী ত্ৰয়োবিংশ অধ্যায় কৃষ্ণদাসী চন্দ্ৰকান্তই কৰা প্ৰত্যেক ৰণতে আমাৰ কৃষ্ণদাসীয়ে তেওঁৰ সেৱক দল লৈ আহতক সেৱা-শুশ্ৰূষা কৰিছিল। ৰজাইও অনেক সময়তে তেওঁৰ পৰা বুধি-ভৰসা লৈছিল। আৰু ৰাণীয়েও কৃষ্ণদাসীৰ পৰা অনেক সময়ত বুজনি আৰু সান্ত্বনা বাক্য পাইছিল। হাদিৰাচকিৰ ৰণৰ শেহত কৃষ্ণদাসীয়ে চন্দ্ৰকান্ত ৰজাৰ লগতে শ্ৰৱণানন্দ আৰু দীনবন্দুৰে সৈতে গোৱালপাৰাৰ এলেকালৈ গ'ল। গোৱালপাৰাৰ ঘাটত ৰজাৰ নাও চপাৰ পিছদিনা কৃষ্ণদাসীয়ে চন্দ্ৰকান্ত ৰজাৰ আগলৈ আহি জনালে যে, তেওঁৰ কৃষ্ণদাসীৰ অসমৰ কৰ্ম কৰা শেষ হ'ল। তেওঁ এতিয়া আৰু অসমত নাথাকে, বৃন্দাবনলৈ হেনো যাব। কৃষ্ণদাসীৰ এই কথা শুনি ৰজা বৰ ম্ৰিয়মান হ'ল। কৃষ্ণদাসীয়ে ৰজা আৰু ৰাণী উভয়কে কাকূতি-মিনতি জনাই বিদায় ল'লে। তেওঁৰ সেৱাদলৰ সকলোকে বিদায় দিলত তেওঁৰ দলৰ সকলোবিলাকেই কেৱল দীনবন্ধুত বাজে নিজ নিজ সত্ৰৰ গুৰুৰ লগ লৈ গৈ অনেককাল গুৰু ভকতসকলৰে সৈতে গোৱালপাৰাৰ এলেকাত বাস কৰিলে। পিছত অসমত ইংৰাজৰ আমোল পৰি শান্তি স্থাপিত হ'লত সত্ৰীয়া গোসাঁই-ভকতসকল আকৌ উজনিলৈ আহি নিজ নিজ সত্ৰ সংস্কাৰ কৰি আকৌ নিজ নিজ সত্ৰত ৰ'লহি। অনেক প্ৰজা দেশলৈ উলটি নাহি গোলাৱপাৰা, ৰংপুৰ, কোচবিহাৰ ইত্যাদি জিলাতেই ঘৰ-দুৱাৰ কৰি ৰ'ল অসংখ্য মানুহ ছিলট জয়ন্তীয়াৰ ফালেও ৰ'ল। অনেকক মানে ধৰি নিলে। অসংখ্য অসমীয়াই মানৰ হাতত প্ৰাণ হেৰুৱালে। মানৰ দিনৰ আগৰ মুঠ চল্লিশ লক্ষ অসমীয়াৰ স্থলত ইংৰাজে অসম ল'বৰ সময়ত মুঠেই আঠ লক্ষহে অসমীয়া লৈছিলগৈ। কৃষ্ণদাসীৰ পৰা সকলাৱে বিদায় লোৱাৰ শেহত দীনবন্ধুৱে কৃষ্ণদাসীৰ আগত পিছদিনা ক’লে— “পিছত বৈষ্ণৱী! তুমি দেখোন মোক তোমাৰ পূৰ্বৰ পৰিচয় আজিলৈকে নিদি এতিয়া অসম এৰি বৃন্দাবনলৈ যাবলৈ ওলালা।” কৃষ্ণদাসী— আতৈ! মোৰ পূৰ্ব পৰিচয় পাই আপোনাৰ যে লাভ নহয়েই বৰং আপোনাৰ মন বিচলিতহে হ'ব পাৰে। দীনবন্ধু— আজি এই দুই-তিনি বছৰে তোমাৰ লগত ফুৰিও মোৰ মন ডাঠ কৰিব নোৱাৰিলোঁ নে? কৃষ্ণদাসী— সেইটো মই কেনেকৈ ক'ম। আপোনাৰ মনক আপুনিহে জানে। দীনবন্ধু— মই আশা কৰিছোঁ ঈশ্বৰ কৃষ্ণ‍ই মোক বিচলিত নকৰে।