সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ১৫৫ যে তেওঁ যাকে তেওঁৰ সেৱক দলত সোমাবলৈ আহ্বান কৰিছিল সেইজনেই তেওঁৰ কথা পেলাব নোৱাৰিছিল। একবিংশ অধ্যায় পুৰন্দৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ চন্দ্ৰকান্ত ৰজাই গুৱাহাটীত থাকি ভাটিৰ ফালৰ পৰা অহা শিখ আৰু হিন্দুস্থানী দুহেজাৰ চিপাহীৰ লগতে কামৰূপৰ পৰাও তিনি হাজাৰমান ভাল কোঁচ, কলিতা, কছাৰী সৈন্য গোটালে। তেওঁ যি সময়ত এইদৰে গুৱাহাটীত সৈন্য গোটাই-পিটাই আছিল সেই সময়ত পুৰন্দৰ সিংহ আৰু ৰুচিনাথ বুঢ়াগোহাঁয়ে ভূটান আৰু বিজনী দুৱাৰৰ ফালে সৈন্য গোটাই লৈ মে' মাহৰ অন্তত যুগীঘোপাত আগৰে পৰা থকা ব্ৰছ নামৰ এজন চাহাবক সেই সৈন্যৰ কাপ্তান পাতি গুৱাহাটী দখল কৰিবলৈ অহাত চন্দ্ৰকান্তই ততালিকে তেওঁৰ সৈন্যদলৰ হতুৱাই ৰুছৰ সৈন্যক আক্ৰমণ কৰি ঘটুৱালে আৰু ব্ৰুছক বন্দী কৰিলে। পিছত ক্ৰছে চন্দ্ৰকান্তৰ অধীনত কাম কৰিব বুলি প্ৰতিজ্ঞা কৰাত তেওঁক এৰি দিলে। ব্ৰুছে কলিকতাৰ পৰা তিনিশ বন্দুক আৰু ন মোন খাৰ আনি চন্দ্ৰকান্ত ৰজাক দিয়াত চন্দ্ৰকান্তই মানৰ সৈতে ৰণ দি দেশ উদ্ধাৰ কৰিবলৈ সাজু হৈ ৰ'ল। এই যুঁজত যিবিলাক সৈন্য আহত হৈছিল সেই সমস্তকে আমাৰ কৃষ্ণদাসী, দীনবন্দু আৰু শ্ৰৱণানন্দই তেওঁবিলাকৰ সেৱক দলৰ সহায়ত নৈৰ পাৰত এটা দীঘলকৈ বাহৰ সাজি সেই আহতসকলক তালৈ কঢ়িয়াই আনি ৰাখি সেৱা-শুশ্ৰূষা কৰিব ধৰিলে। কৃষ্ণদাসীয়ে বিশেষকৈ দুবৰিৰ ৰস খুন্দি খুন্দি উলিয়াই ঘাবিলাকত দি তেওঁৰ সেৱক দলে তোলা পুৰণি কাপোৰ খাৰেৰে সিজাই লৈ ধুই সেই ঘাবিলাক বন্ধাইছিল আৰু আহত হোৱাসকলক খুজি-মাগি অনা পথ্যাদি দিছিল। তেওঁবিলাকৰ এই কাম সন্ত-মহন্ত সকলোৱে শলাগিছিল। ৰজা চন্দ্ৰকান্তইও এই আহত হোৱাসকলক চাবলৈ আহোঁতে সেৱক দলৰ ভিতৰত কৃষ্ণদাসীক দেখি সুধিলে— “বৈষ্ণৱী মা! তুমিও এই ৰণত ঘাইল হোৱা সৈন্যবিলাকক শুশ্ৰূষা কৰি ফুৰিছা নহয়নে?” কৃষ্ণদাসী— হয় স্বৰ্গদেউ। কিন্তু মই অকলে এই কাম কৰা নাই। এইজনা উদাসীন ভকতৰ (দীনবন্ধুক দেখুৱাই) আৰু মোৰ এই গুৰুভাই এই দুজনৰ সহায়ত দাসীয়ে এই সেৱক দলটো গঢ়ি ৰোগী আতুৰসকলক সেৱা কৰি ফুৰিছোঁ৷ মানৰ সৈতে স্বৰ্গদেৱৰ বোধকৰো অহা আঘোণ মাহত আকৌ এখন তুমুল ৰণ লাগিব। চন্দ্ৰকান্ত— এৰা! মইও সেইটো উমান পাইছোঁ। পিছত তাতো মোক সহায়