১৫২ ৰহদৈ লিগিৰী কৰিব পাৰিব এনেকুৱা নিয়মে উদাস লৈছে। দীনবন্দু— মই আৰু ইহজন্মত কস্মিন কালেও বিয়া নকৰাওঁ, মায়াৰ মুখ নাচাওঁ বুলি শপত খাই উদাস ধৰ্ম লৈছোঁ। কৃষ্ণদাসী— কিন্তু আপুনি কাম ৰিপুক সম্পূৰ্ণ জয় কৰিছেনে? দীনবন্ধু— সেইটোনো কেনেকৈ ক'ম। উদাস ল'বৰ মুঠেই বছৰেক হৈছে। আগলৈ ভালেমান দিন আছে। কৃষ্ণই ব্ৰহ্মচৰ্য ৰক্ষা কৰো বুলিলে ৰক্ষা কৰাব পাৰে। কৃষ্ণদাসী— আতৈ! আপোনাৰ কথা শুনি বৰ আনন্দ পালোঁ। বাৰু কওক আপোনাৰ কাহিনী- দীনবন্ধু— বাৰু শুনা...... এইবুলি দীনবন্ধুৱে (আগৰ দয়াৰামে) তেওঁৰ জীৱনৰ বৃত্তান্ত সকলোখিনি সঠিককৈ ক'লে। কৈ যাওতে যদিওবা দুবাৰ-এবাৰ অলপ শোকৰ খুন্দাত কাহিব লগাত পৰিছিল তথাপি শেহলৈকে আচৰিত্ৰৰূপে ধৈৰ্য ধৰি সমস্ত বিৱৰণ যথাযথৰূপে ক'লে। তেওঁৰ বিৱৰণ শেষ হোৱাত কৃষ্ণদাসীয়ে ক'লে— “আতৈ! মোৰ বিৱৰণ কোৱাৰ আগেয়ে মাথোন এটা কথা কওক। সেইটো এই আপুনি কৈছে আপুনি দুখুনী ৰহদৈৰ বিৰহত কৃষ্ণৰ চৰণত আশ্ৰয় ল'লে। বাৰু যদি আপুনি জানে ৰহদৈ জীয়াই আছে আৰু ৰহদৈক সেই আগৰ ৰূপেৰেই দেখে তেতিয়া আপুনি বিচলিত নহ'বনে? জানোবা কৃষ্ণক পাহৰি দুখুনী ৰহদৈকহে ভাবিব ধৰে?” দীনবন্ধু— সকলো কৃষ্ণৰ ইচ্ছা। ৰহদৈক যদি আগৰ সেই ৰূপেৰেও দেখোঁ, তাই যদি জীয়াইও আছে তেনেহ'লেও মই উদাস ধৰ্ম ত্যাগ কৰিব নোৱাৰিম। তাইকনো বাৰু ক'ত দেখা পাম! মৰা মানুহে জানো কেতিয়াবা দেখা দিয়ে? কৃষ্ণদাসী— ৰহদৈয়ে যদি দেখা দিয়ে তেনেহ'লেও আপুনি বিচলিত নহওঁ বুলি কওক। দীনবন্ধু— তাইক দেখিবলৈ পালে অৱশ্যে মই এটা আনন্দ পাম; বিচলিত হ’ম নে নহ'ম সেইটো থিৰাংকৈ ক'ব নোৱাৰোঁ। কৃষ্ণদাসী— আতৈ! আজিলৈ মই আহিবহে খুজিলোঁ। দীনবন্ধু— মই আশা কৰিছিলোঁ তুমি তোমাৰ আঁতিগুৰি সকলো কথা মোক ক'বা। পিছত নক'লা দেখোন। কৃষ্ণদাসী— সদ্যহতে গুৰুৱে মোক সেই কথা ক'বলৈ মানা কৰিছে। আপুনি মোৰ লগত কিছু কৰ্ম কৰিব লাগিব— যদি কৰে তেন্তে কৰ্মৰ অন্তে মই আপোনাক মোৰ আঁতিগুৰি সকলো কথা ক'ব পাৰিম। আজিলৈ আহিলোঁ। আমি কাইলৈ আকৌ এই সময়তে আহিম। আপোনাৰ সৈতে বাৰু কথা-বতৰা হ'ম।
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৫৫
অৱয়ব