ৰহদৈ লিগিৰী ১৪৫ দেখুৱাই সকলোৰে ভাল পোৱাৰ পাত্ৰ হ'ল। কৃষ্ণদাসীয়ে অনেককে কৃষ্ণৰ কথা শুনালে। তেওঁ লীলাবিলাক বৰ্ণাই বৰ্ণাই ক'লে। কৃষ্ণৰ বিষয়ে ৰাগ, পদ, গীত, গাই গাই শুনালে। দেউৰী বা শক্তি উপাসক মানুহ আহি গোসাঁনীৰ বিষয়ে সুধিলে শ্ৰৱণানন্দে সেই বিষয়ে সাত্ত্বিক ভাবৰ, শুদ্ধাচাৰ শাক্ত ধৰ্ম ক'বলৈ ধৰিলে। শিৱক ভালপোৱাসকলক শিৱৰ বিষয়ে সুধিলে আমাৰ ঊধ্ববাহুৱেও সাত্ত্বিক ভাবৰ ধৰ্ম উপদেশ দিব ধৰিলে। অনেক সময়তে গাঁৱলীয়া আহোম আৰু চুতীয়া আৰু আন আন হিন্দু প্ৰজাসকলে কৃষ্ণদাসীক লৈ গৈ তেওঁৰ হতুৱাই ৰাজহুৱা নামত নাম পদ লগোৱাই দি নাম গোৱাবলৈ ধৰিলে। নাম নজনা মানুহেও নাম গাবলৈ শিকিলে। শৈৱ পন্থৰ মানুহেও তেওঁক মাজে মাজে নি শিৱৰ নাম গোৱাব ধৰিলে। শাক্ত পন্থৰসকলে ও তেওঁৰ হতুৱাই গোসাঁনীৰ নাম গোৱালে। এইদৰে সকলো মানুহৰে মন ধৰ্মৰ ফাললৈ, দেশৰ ফাললৈ আকৰ্ষণ কৰিলে। কৃষ্ণদাসীৰ ওচৰলৈ যোৱা মানুহৰ ভিতৰত ধনেশ্বৰ চুতীয়া নামৰ ডেকা এজন জেঠ, আহাৰ মাহৰে পৰা সঘনে গৈছিল আৰু কৃষ্ণদাসীক অকপটভাৱে ভক্তি কৰি ধনেশ্বৰ ডেকাই কৃষ্ণৰ বিষয়ে শিক্ষা লভিছিল। পিছত যেতিয়া দৈৱদুৰ্বিপাকত সি ষাঁড়ত পৰি তাম্ৰেশ্বৰীৰ মন্দিৰত উছৰ্গীকৃত হৈছিল তেতিয়া এই কৃষ্ণদাসীয়ে তেওঁৰ বিভূতিৰ বলেৰে, বিশেষকৈ এই ধনেশ্বৰ নিৰ্দোষী আৰু তেওঁৰ ওচৰত কৃষ্ণত শৰণ লোৱা বাবে, ধনেশ্বৰৰ প্ৰাণ ৰক্ষা কৰিছিল। এই বিষয়ে ইয়াত বহলাই ক'বৰ সকাম নাই। এই নিঃকিনে লিখা তাম্ৰেশ্বৰী মন্দিৰ' নামৰ উপন্যাসত সবিশেষ পাব। ষোড়শ অধ্যায় ৰংপুৰত— মিঙ্গিমাহা আৰু চন্দ্ৰকান্ত মিঙ্গিমাহা সেনাপতিৰ অনুগ্ৰহত যদিওবা চন্দ্ৰকান্ত সিংহ ৰজা হ'ল, তথাপি তেওঁৰ সুখ আৰু ৰাজত্ব স্থায়ী নহ'ল। পাতাল বৰবৰুৱাই মানে পতা বুঢ়াগোহাঁই— জন্মি আৰু বৰগোহাঁই— পিয়লিৰে সৈতে দুমাহলৈকে মানহঁতক সুকলমে ৰচদ পাতি দিলে। কিন্তু দুমাহৰ পিছৰ পৰা তেওঁবিলাকেও গাঁও-ভূইৰ পৰা আনকি নৈৰ সিপাৰে থকা মাজুলীৰ সত্ৰবিলাকৰ পৰাও ৰচদ-পত্ৰ আনিও মানহঁতক জোখাৰে ৰচদ দিব নোৱৰাত পৰি তলে তলে ৰজাক মানক বিদায় দিবলৈ খাটিলে। তেওঁলোকৰ খাটনি অনুসাৰে এদিন মান সেনাপতি মিঙ্গিমাহা ক্যাডেউঙক বৰুৱাই লৈ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে ক'লে— “সেনাপতি। ভাই ৰজালৈ এতিয়া আপোনাসকলে মোৰ পৰা পত্ৰ-সন্দেশ লৈ উলটি যাওকগৈ।' ৰজাৰ এই কথাত মিঙ্গিমাহাই ক'লে যে “তেওঁক সিংহাসনত থাপি ইমান সোনকালে উলটি গ'লে ৰাজ্যত আকৌ বিশৃংখলা ঘটিব। আৰু তাত বৰ্মাৰ ৰজাইও
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৪৮
অৱয়ব