১৪২ ৰহদৈ লিগিৰী পণ্ডিতসকলে যি বিধান দিছে সেইবিলাক কৰিব পাৰে তাত আমাৰ বাধা দিবলৈ একো নাই। অৱশ্যে মই বলি কটাৰ বিৰোধী। ম'হ বলি নিদিয়াকৈয়ে চণ্ডী মাৱৰ পূজা হ'ব পাৰে। কিন্তু যিহকে স্বৰ্গদেৱে কৰক নকৰক মই মাগনীৰ মতে হ'লে সমস্ত অসমীয়া ৰাইজেই ঈশ্বৰত সৰ্বভৰসা ৰাখি; ঈশ্বৰৰ নাম-গুণ লৈ আপোনাৰ ভিতৰত হাই-দন এৰি সকলোকে একে মুঠি হৈ দেশৰ হকে, ধৰ্মৰ হকে যদি প্ৰাণ দিবলৈ সাজু হ'ব পাৰে তেন্তে যিটো বিপ্লৱ আহিব লাগিছে সেইটো বাধা দি ৰাখিব পাৰিব। কিন্তু যদিহে অসমীয়া মানুহ সেইলেখীয়া হ'ব নোৱাৰে তেন্তে দেশৰ অমংগল হ'ব। ইয়াৰ ওপৰে আৰু আমি ক'ব নোৱাৰোঁ। পিছত এতিয়া যদি স্বৰ্গদেৱে কৃপা কৰে তেন্তে শদিয়াৰ শদিয়াখোৱা গোহাঁইলৈ আমাৰ হকে এডোখৰ পত্ৰ সন্দেশ দিলে আমি তালৈ গৈ স্বৰ্গদেৱৰ কৃপাত শদিয়াখোৱা গোহাঁইৰ আশ্ৰয় লৈ পৰশুৰামকুণ্ডত স্নান কৰি উলটি আহিব পাৰোঁ। পুৰন্দৰ সিংহ— বাৰু বৈষ্ণৱী! তোমাৰ হাততে পত্ৰসন্দেশ দিম। সদ্যহতে তোমালোকে মোৰ ৰাজভঁৰালৰ পৰা দিয়া সিধাৰে ভোগ নৈবেদ্য তৈয়াৰ কৰি খাই- বৈ ওলাই আহাগৈ। এইবুলি কৈ ৰজাই তেওঁবিলাকক বিদায় দি ইফালে কাকতিৰ হতুৱাই শদিয়াখোৱা গোহাঁইলৈ এই সাধু সাধুৱনীকেইজনক সহায় কৰি পৰশুৰামকুণ্ডলৈ পঠাবলৈ অনুজ্ঞা-পত্ৰ লিখি থ'লে। যথাসময়ত তেওঁবিলাক তিনিজন ৰজাৰ ওচৰলৈ খাই-বৈ টালি-টোপোলা বান্ধি আহিলত ৰজাই কৃষ্ণদাসীৰ হাতত পত্ৰসন্দেশ দিলে। কৃষ্ণদাসী বাবাজী দুজনে সৈতে লাহে লাহে খোজ কাঢ়ি আঠদিনমানে চৈখোৱা পালে। তাৰ পিছত কোনোমতে ব্ৰহ্মপুত্ৰ পাৰ হৈ আৰু তিনিদিন মানে প্ৰায় ১৫ চ'ত মানত চূণপোৰা পালেগৈ। ত্ৰয়োদশ অধ্যায় মানৰ দ্বিতীয় অসম আক্ৰমণ— নাজিৰাৰ ৰণ শিৱসাগৰৰ দৌলত, বৰভিঠাত, জাঁজীত আৰু ৰংপুৰতো কৃষ্ণদাসীয়ে যি বিপ্লৱৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছিল বিপ্লৱৰ বতাহ কৃষ্ণদাসী যোৱাৰ কুৰিদিনৰ পিছতে আৰম্ভ হ'ল। বৰফুকনৰ গুণধৰ পুত্ৰদ্বয়ে পলাই বৰ্মা দেশলৈ গৈ বৰ্মা ৰজাক তেওঁবিলাকৰ পিতৃ বৰফুকনৰ অপঘাত মৃত্যুৰ বাতৰি কান্দি কান্দি জনালত বৰ্মা ৰজাই এইবাৰ মিঙ্গিমাহা ক্যাডেউং নামৰ সেনাপতিজনৰ অধীনে দহ হেজাৰ মানসৈন্য পঠিয়ালে। সিহঁতে পাটকাই পাৰ হৈ জয়পুৰত কোঠ মাৰিলে। ৰজাঘৰীয়া চোৰাংচোৱাই দিনে-নিশাই খোজকাঢ়ি আহি ৰংপুৰত বৰবৰুৱা আৰু বুঢ়াগোহাঁইক জনালত তেওঁবিলাক আৰু ৰজা পুৰন্দৰ সিংহ এটাইকেউজনেই দিনে-নিশাই
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৪৫
অৱয়ব