১৪০ ৰহদৈ লিগিৰী থিৰাং নহয়নে তহঁত চন্দ্ৰকান্তৰ চোৰাঙচোৱা আৰু চন্দ্ৰকান্তক তই গোলাঘাটত শুশ্ৰূষা কৰা নাছিলিনে তাৰ কাণখন কটা যোৱাত? কৃষ্ণদাসী— চন্দ্ৰকান্ত ৰজাক চোৰাঙচোৱা চাওদাঙে অকলশৰীয়াকৈ পাই কাণ কটাত তেওঁৰ চিঞৰ শুনি আমি গৈ তেওঁৰ কাণখনত ততালিকে বনদৰব দি তেজ ৰাখি আখৰালৈ নি শুশ্ৰূষা কৰা সঁচা; কিয়নো এনেকুৱা আতুৰত পৰা মানুহৰ প্ৰাণ ৰক্ষা কৰা, তেওঁক শুশ্ৰূষা কৰা আমাৰ ধৰ্মৰ এটা অংগ। বৰবৰুৱা— বাৰু অ! তই বেটীৰ মই দেখিছো মুখখনক কেৱে-বলে নোৱাৰে। বাৰু কচোন বিপ্লৱটো কেতিয়া হ'ব৷ কৃষ্ণদাসী— (অলপ পৰ ৰৈ) আৰু এমাহমানৰ মূৰতে। বৰবৰুৱা— বাৰু তেন্তে তহঁত তিনিওকো মই ডেৰমাহলৈ বন্দী কৰিলোঁ। তহঁতক ৰজাঘৰৰ পৰা নিতৌ সিধা-ভোজনি দি থকা হ'ব। তহঁতক চাওডাঙে দিনে-নিশাই পৰ দি ৰাখিব। যদি তহঁতৰ কথা সঁচা হয় তেতিয়া তহঁতক এৰি দিম আৰু যদিহে তহঁতৰ কথা এই ডেমাহে নফলিয়ায় তেন্তে তোৰ জিভাখন কাটিম। তহঁত দুটাক শূলত দিম। কৃষ্ণদাসী— “আমি ভাল কৰোঁতে এয়েহে হ'লনে? মোক তুমি বান্ধি ৰাখিব নোৱাৰিলাহেঁতেন। কিন্তু মই এই দুজনা সাধুৰ নিমিত্তে ইচ্ছাপূৰ্বক তোমাৰ বন্দীশালত থাকিম।” কৃষ্ণদাসীৰ এই কথা বৰবৰুৱাই খঙতে কৃষ্ণদাসীৰ মুখৰ ফালে চায়ে কিবা এটা অদ্ভুত কথাত দেখা দি দেখিলে। কৃষ্ণদাসীৰ থলত খন্তেকলৈ তেওঁ আগৰ ৰহদৈক দেখি মূছকঁছ গৈ পৰিল। ততালিকে বৰবৰুৱাক তেওঁৰ মানুহে যতন কৰিব ধৰিলে। চাওডাঙহঁতে কৃষ্ণদাসী আৰু সন্ন্যাসী দুজনক বন্দীশালত নি থ'লেগৈ। দ্বাদশ অধ্যায় ৰংপুৰত বৰবৰুৱায়ে কিয় কৃষ্ণদাসীৰ আগৰ ৰহদৈ ৰূপটো দেখিলে আৰু কৃষ্ণদাসীয়েই বা কেলেই নিজৰ এই বিভূতিটো দেখালে ইয়াৰ কাৰণ পাঠক- পাঠিকাসকলে সুধিব পাৰে। তাৰ উত্তৰত আমি ইয়াকে ক'ব পাৰোঁ যে কৃষ্ণদাসীক অকলৈ যদি বৰবৰুৱাই বন্দী কৰিবলৈ আদেশ দি লগৰ সাধু দুজনক এৰি দিলেহেঁতেন তেনেহ'লে কৃষ্ণদাসীয়ে কেতিয়াও নিজৰ সেই পূৰ্ব ৰূপ নেদেখুৱালেহেঁতেন। কিন্তু যি মুহূৰ্ততেই বৰবৰুৱাই তেওঁৰ লগৰ সাধু দুজনকো বন্দী কৰিবলৈ হুকুম দিলে। সেই মুহূৰ্তে কৃষ্ণদাসীৰ মনত ঈষৎ ক্ৰোধ হ'ল আৰু যিহেতু বৰবৰুৱাইও আগেয়ে অন্যায়ৰূপে চন্দ্ৰকান্ত ৰজাৰ হুকুম নামত ৰাখি কামত
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৪৩
অৱয়ব