সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চতুৰ্থ ওপৰঞ্চি
ৰমণী গাভৰু

আচম্বিতে কি শুনিলোঁ দুখৰ বাতৰি,
উতলা কৰিছে হিয়াখনি,
ঘনে ঘনে কত ভাবে হিয়াৰ মাজত
মাৰিছেহি লুকা-ভুমুকনি।
আক্রমিব অসমক ছলে-বলে-কলে,
পঠিয়ালে যৱন সেনানী,
অজলা প্রজাৰ, হায়, মিলিব অপায়,
লাগিব ৰণৰ খলকনি ।
বহুদিন হল আজি পাহৰিলোঁ মই
অসমৰ ৰীতি-নীতি, হাঁয়,
পিতৃ-মাতৃ বাই-ভনী সখী আদি কৰি
পাহৰিলোঁ, কোনো এটি নাই ।
নুশুনো নুশুনো আৰু অসমীয়া কথা,
অসমীয়া মাত মৰমৰ,
শুনিছো মাথোন আজি কঠুৱা সকলো
অবুজন কঠুৱা কণ্ঠৰ।
নাই সেই অসমৰ পৰ্ব্বতৰ শাৰী,
মধুৰতা পবিত্র শোভাৰ,
ব্ৰহ্মপুত্ৰ নদ নাই, নাই তৰুৰাজি
নাই সেই সেউজী পথাৰ।