সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
ৰমণী গাভৰুৰ চিঠি

শব্দৰ আচল অর্থ গোপনে ৰাখি কটকীয়ে তাক “প্ৰকৃত জুগুতি” বুলি অনুবাদ কৰিলে। “নাছায়িস্তা” শব্দৰ চোকা অর্থ অসমীয়া ভাঙ্গনিত কোমল আৰু সেৰেপা হৈ পৰাত কটকীয়ে “জদি তোমাৰ ঠাই.... শুনি কৰ্ম্ম কৰিবা” এই প্ৰক্ষিপ্ত বাক্যৰে তাৰ ক্ষতিপূৰণৰ চেষ্ট৷ কৰিলে।

 হিন্দু আৰু মুচলিম কৃষ্টি আৰু সাহিত্যৰ সমন্বয়ৰ বুৰঞ্জী লিখক আৰ্ব্বী আৰু ফাৰ্ছী ভাষাত সুপণ্ডিত, আৰু ভাৰত গৱৰ্ণমেণ্টৰ শিক্ষাবিভাগৰ চেক্ৰেটেৰী ডাক্তাৰ তাৰাচান্দদেৱৰ লগত ইংৰাজী ২৮৷৭৷১৯৫০ তাৰিখে গুৱাহাটীত এই বিষয়ে আলোচনা কৰিছিলোঁ। তেখেতৰ মতে, ভুলকৈ ভাঙ্গনি কৰিছে বুলি অনুবাদকক দোষাৰোপ কৰিব নোৱাৰি। “নাছায়িস্তা” শব্দৰ ভাঙ্গনি একপ্রকাৰে "প্ৰাকৃত জুগুতি” বুলি দিব পাৰি। “ছায়িস্তা” শব্দৰ অর্থ হৈছে,--পৰিমাৰ্জ্জিত, ৰুচিসম্মত, সংযত, সংস্কৃত; ইয়াৰ ওলোটাটো হব,--অ-পৰিমাৰ্জ্জিত, ৰুচি-বিগৰ্হিত, অ-সংযত, অ-সংস্কৃত অৰ্থাৎ প্ৰাকৃত। ইয়াত “প্রাকৃত” শব্দৰ অর্থ হৈছে,—আগ-পাচ নাভাবি কাম কৰা আবেগ বা হুতাহক, বিবেচনা স্থিৰবুদ্ধি দূৰৰৰ্শিতা আৰু সজমতিৰ দ্বাৰা সংশোধিত নকৰি, তাক প্রাথমিক মূল বা প্রকৃত অৱস্থাতে ৰখা ৷

 দায়ৰ পৰা মুক্তি পাবৰ নিমিত্তে অনুবাদকে এই “প্রাকৃত জুগুতি” শব্দৰ অৱতাৰণা কৰাৰ কাৰণে তেওঁৰ সুচতুৰ বুদ্ধি আৰু সতর্কতাৰ প্ৰশংসা কৰিব লগীয়া।