সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৪
ৰমণী গাভৰু

ছুদ.। কে দোখতৰে ফৰজন্দ খোদবা দঁৰিজা খাহন্দ কৰ্দ ফিৰিস্তাদ, তাকে মুইনা নজদে চুমা নৰছদ, যি নাছায়িস্তা হৰগিজ নখাহদ কৰ্দ। ১৭॥

 বাকী হকায়েক মাধো জেনেওদাৰ কে আমদা বুদ ও দিদাহ ও ছুনিদা আস্ত, জাহিৰ খাহদ চাখতে। খয়েৰ খবৰ ছলাহে চুমা মে য়াফতা বাছম। জিয়াদ চে নবিছম। ১৮॥ ভাতি চন ১৫৯৯॥"

 ৰমণী গাভৰুৰ ফাৰ্ছী চিঠিৰ ছেদে-ছেদে দিয়া অসমীয়া ভাঙ্গনি পুৰণি বুৰঞ্জীত পোৱাৰ দৰে তলত তুলি দিয়া হল। —

 "বড় বিস্তাৰিত উছ স্বৰুপ তোমাৰ জে জসস্যাৰ ছায়া সমস্তদিনে ইশ্বৰৰ কৃপাত হওঁক। ইস্বৰৰ কুপাযুক্ত ছায়াএ জুক্ত হৈ উত্তম বিছানাৰ উপৰত সন্তোস হুই সমস্তকাল সিৰব কেশ পাক পৰ্যন্তে কুশল হুই থাকা। ১॥

 ইঠাইৰ মধ্যত মঞি বালক দুৰত পড়িচোঁ, মোৰ নামক আপোনে জানা। ২॥

 তাৰ পাচত নমস্কাৰ প্ৰাৰ্থনা স্বৰুপ অপৰিমিত শত হাজাৰ আশিৰ্ব্বাদ তোমাৰ কুশলক পড়ি সদাএ বাঞ্চি থাকো। ৩॥

 দুতিয় সমাচাৰ ইশ্বৰৰ কৃপাত ইঠাই সমস্তৰে কুশল। ৪॥

 তোমাৰ শৰিৰে সহিতে সদ-জসস্যাৰ কুশল ৰাতৃদিনে বাঞ্চোঁ, আসাওঁ কৰোঁ। ৫॥

 আৰু মোৰ এই মনৰ আস। মোৰ চয় বৎসৰত পিতৃ-মাতৃৰ পৰা প্ৰীথক কবি মগলৰ ভেটি কৰি দিলা। এতিয়া দিবৰ উনৈস বৎসৰ হল। মঞি দুখুনিৰ কিছু বাৰ্ত্তা কোনো দিন কোনো কালত কোনো মাসত নলৈছা। ৬॥

 আৰু ইঠাই হিন্দুস্থানৰ মধ্যত মোৰ কোন আচে নাই তাক