“কিন্তু আমাৰ আশীৰ্ব্বাদে তুমি চিৰঞ্জীৱে থাকিবা, তোমাৰ আশীৰ্ব্বাদে আমি কুশলে থাকিম। পিতৃ-পিতামহৰো যশস্যাগোট যেমনে বহিব, গো-ব্ৰাহ্মণ কুশলে থাকিব তেমন কৰিবা।”
ইয়াৰ উত্তৰত বাদুলিয়ে লালুকলৈ লিখিলে,—“ইঠাইতে আছিলোঁ নিমিত্তে ঈশ্বৰে ৰাখিলে। সিঠাইত থকা হলে সৰ্ব্বনাশ হলোঁ যদি। মূৰৰ চুলি যিমান সিমান পৰমায়ু হৈ থাকা। তোমাৰ আশীৰ্ব্বাদে আমিও এই ঠাইতে কুশলে থাকিম। আৰু আমাক কি লাগে? চক্ষুৱে যি যাওঁতে চোলা-কাপৰ সাজ যি পিন্ধিলোঁ সেয়ে মোৰ সকলো। এখনে ইঠাইত থাকনহে ভাল, সি ঠাইক যাৱন ভাল নহে।”
তৃতীয় ওপৰঞ্চি
ৰমণী গাভৰুৰ চিঠি
মোমায়েক লালুক বৰফুকনলৈ দিয়া চিঠিখনি ৰমণী গাভৰুৰ আত্ম-কাহিনী বুলি ধৰিব পাৰি। চিঠিখনি সংক্ষিপ্ত, কিন্তু ইয়াত গাভৰুৰ বৈচিত্ৰ্যময় জীবন আৰু শোকেভৰা অন্তৰৰ সুস্পষ্ট আভাস আৰু সঙ্কেত পাব পাৰি। আমি জনাত, এনে এখনি চিঠি ভাৰত-ইতিহাসৰ পত্ৰ-সাহিত্যত ক'তো পাবলৈ নাই।
খিজিৰপুৰৰ পৰা অহা মূল চিঠিখনি অসমৰ ৰাষ্ট্ৰ-বিপ্লৱত কেতিয়াবাই নষ্ট হল। কিন্তু তাৰ মূল ফাৰ্ছী পাঠ আৰু তাৰ সমসাময়িক অসমীয়া ভাঙ্গনি সাঁচিপতীয়া অসম বুৰঞ্জীত সংৰক্ষিত হৈছিল। স্বৰ্গীয় হেমচন্দ্ৰ