সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৷৶৹

তথ্যৰ সম্ভেদত শৰ্ম্মাদেৱে যিদৰে সোৱাদ পায়, আৰু যি অধ্যবসায়েৰে সেই তথ্যৰ পম খেদাত আত্মনিয়োগ কৰে, তেনে সোৱাদ পোৱা আৰু অধ্যৱসায় থকা সমসাময়িক অসমীয়া অতি বিৰল। সাংসাৰিক নানান জঞ্জাল-আঁহুকালৰ মাজতো শৰ্ম্মাদেৱে যিদৰে অবিচলিত আৰু একনিষ্ঠভাৱে বুৰঞ্জী-অনুশীলন ব্ৰত পালন কৰিছে তালৈ চাই তেওঁ অসমীয়াৰ চিৰ-আদৰৰ পাত্ৰ। নকলেও হব, শৰ্ম্মাদেৱৰ বহুমূলীয়া আগকথাখিনিয়ে ৰমণী গাভকৰ স্মৃতিৰ সৌন্দৰ্য্য অনেকগুণে বৃদ্ধি কৰিছে।

গুৱাহাটী, অসম।
১৫ এপ্ৰিল ১৯৫১ খৃঃ
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা