সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ওপৰঞ্চি
প্ৰথম ওপৰঞ্চি
ঘিলাঝাৰি-ঘাটৰ সন্ধিৰ কাকত

 মীৰজুমলাই অসম মাৰোঁতে অসম আৰু মোগলৰ মাজত তিপামৰ ঘিলাঝাৰি ঘাটত যি সন্ধি নিবন্ধ হয় তাৰ কাকত এই।—

 “শ্ৰীশ্ৰীডিল্লিশ্বৰ পাৎসাহৰ দসখত মোহৰ। শ্ৰীশ্ৰী ৰাজা জয়ধ্বজ সিংহ॥
 সকলম স্বকাৰতে, ৯ মাঘ, সন ১০৭২, বঙ্গলাদেব-সক ১৫৮৪ সাল।
 লিখিতং শ্ৰীশ্ৰীৰাজাজয়ধ্বজসিংহ ও শ্ৰীবড়গোহাঞি ও শ্ৰীবুঁঢ়াগোহাঞি
 ও শ্ৰীবড়পাত্ৰ ও শ্ৰীৰাজমন্তৃ, বিলায়ত আসামকস্য।

 আগে আমি শুলতান সুজাৰ ওঁক্তে বেআদ। পিজৰিয়া ৺[পাদশাহী] থানা গুয়াহাটি লুটিলোঁ। ৺ৰায়ত উঠাই আনি আপনাৰ মলুকত বসাইলু। এই নিমিত্তে শ্ৰীযুত নবাব খানখানা [মীৰজুমলা] ৺লস্কৰ লৈয়া আমাৰ মলুক মাৰিলেক। আমি পলাই আসিয়া নামৰূপেৰ পাহাৰত চড়িলোঁ।

 তাহাত আমাৰ জীউ ওঁ মলুক ৰাখিবাৰ কাৰণ শ্ৰীজুত নবাব দলেৰ খাঁক জামিন দৰমিয়ান দিয়া ২০০০ বিসহাজাৰ তোলা সোনা ও ১২০০০০ একলাখ [আৰু বিস] হাজাৰ ৰুপা ওঁ নবৈ হাতি সমেত দিয়া আমাৰ ৰাজা জয়ধ্বজ সিংহৰ বেটি আৰু তিপাম ৰাজাৰ বেটি ৺খেজমতেওঁ দিবাৰ কবুল কৰিলোঁ।

 আৰু উত্তৰকোলেৰ ভৰড়ী নদী সিমা কৰি দৰঙ্গ পৰঙ্গনা, দক্ষিণকোলে কলঙ্গ নদী সিমা কৰি দুমৰিয়া ওঁ কাজালি ও বেলতলি, এহি চাৰি পৰঙ্গনা মোৰ বেটিৰ লগত জৌতুক দিলোঁ।