নাছিল, গাভৰুৰ চিঠিতে তাৰ যথেষ্ট সঙ্কেত পোৱা যায়। লালুক মন্ত্ৰী-ফুকনক খুচি মাৰিছিল ৰাতি ঘৰতে ভোটাই ডেকা, মাধৱ তামুলী, আৰু আঘোণা কছাৰীয়ে। বদনচন্দ্ৰ মন্ত্ৰীফুকনক বধ কৰিছিল মাটী-পানী লওঁতে ৰূপচিং চুবেদাৰ আৰু ৰহমন খাঁ জামাদাৰে।
লালুকৰ ষড়যন্ত্ৰৰ ফলত বিদেশী মোগল আহি কামৰূপৰ অধীশ্বৰ হৈ বহাত, আৰু অসমৰ বাকী ছোৱাতো মোগলৰ প্ৰভাব বিস্তৃত হবৰ আগন্তুক হোৱাত, অসমৰ দেশ-প্ৰেমিক ডা-ডাঙ্গৰীয়া বৰুৱা ফুকন সকলে কলিয়াবৰত গোট খাই স্থিৰচিতেৰে দেশ-ৰাজ্যৰ কথা আলোচনা কৰি সিদ্ধান্ত কৰিলে, – “অসামৰ্থ ৰজাই ৰাজ্য ৰক্ষা কৰিব কেনেকৈ?” ইয়াকে ভাবি তেওঁলোকে গদাপাণি কোঁৱৰক সিংহাসনত বহুৱালে। তেতিয়াৰে পৰা আত্মকন্দলৰ ওৰ পৰিল, অসমীয়াৰ সমবেত শক্তিয়ে গুৱাহাটীৰ পৰা মোগলক খেদাই কামৰূপ ৰাজ্য পুনৰ উদ্ধাৰ কৰিলে। মানৰ দিনত, চন্দ্ৰকান্তসিংহই কলে,— “মই ৰজা হওঁ।” ইপোনে পুৰন্দৰসিংহই কলে, “নহয়, মইহে ৰজা হওঁ।” ৰুচিনাথ বুঢ়াগোহাঁয়ে কলিকতালৈ গৈ কোম্পানীৰ চাহাবক কলেগৈ, – “অসম ৰাজ্যৰ সৰ্ব্বনিয়ন্তা হৈছোঁ মই — বুঢ়াগোহাঁই।” মালভোগ বৰগোহাঁয়েও চাহাবক কলে, – “বুঢ়াগোহাঁই যদি সৰ্ব্বনিয়ন্তা হল, তেনেহলে আমি দুজনা — অৰ্থাৎ বৰপাত্ৰগোহাঁই আৰু বৰগোহাঁইৰাজ্যৰ অধিকাৰী হব নোৱাৰিম কিয়?”
দুই মহৰ যুজ লাগিল, তাৰ ফলত উলু-বিৰিণাৰ মৰণ মিলিল। স্বৰ্গদেৱ ডাঙ্গৰীয়া ফুকন বৰুৱাসকলৰ মাজত হল হিংসা-খৰিয়াল অৰিয়া-অৰি থকা-খুন্দা, তাৰ ফলত হল অসমত মানৰ প্ৰতিপত্তি, আৰু পৰিণামত অসমীয়া নিমাখিত প্ৰজা মুনিহ-তিৰোতা জীয়াৰী-বোৱাৰীৰ পানীত-হাহেঁ- নচৰা বিলাই-বিপত্তি। লালুকৰ যুগৰ বিপ্লৱৰ ডাৱৰৰ মাজত দেখা দিছিল এডালি ৰূপালি ৰেখাই, সেয়ে হৈছে অসমীয়াৰ সজমতি, স্থিতপ্ৰজ্ঞা, দূৰদৰ্শিতা আৰু আত্মবিলোপনকাৰী সম্মিলিত কাৰ্য্যশক্তিৰ ওভোতনি।