সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৫
সামৰণি

জীয়েককো মোগললৈ ভেটি কৰি দিয়া হৈছিল। আজমতাৰা বঙ্গদেশলৈ আহোঁতে তেৱোঁ পাদশ্যাহজাদাৰ অন্তেষপুৰ-বাসিনী আছিল, আৰু তেওঁলৈকে৷ অসমৰ পৰা উপহাৰ-বস্তু পঠোৱা হৈছিল, কিন্তু সেই উপহাৰ-বস্তু আছিল অতি লাপিলুপা ধৰণৰ, তাত সোনৰ অলঙ্কাৰ এপদো নাছিল। অবিবাহিত অৱস্থাত তেওঁ চুলতানৰ অন্দৰমহলত ঠাই পাইছিলনে, নাইবা চুলতানৰ লগত শাস্ত্ৰমতে তেওঁৰ পৰিণয় সম্পন্ন হৈছিল, আৰু পাচলৈ বা তেওঁৰ কি হল, সেই বিষয়ে বুৰঞ্জী নিমাত। জনক-জীয়াৰী উৰ্ম্মিলা, শকুন্তলা-সঙ্গিনী অনসুয়া আৰু প্ৰিয়ম্বদা যেনেকৈ কাব্যৰ উপেক্ষিতা, অসম-জীয়ৰী তিপাম ৰজাৰ কন্যাৰ কথাও তেনেকৈ বুৰঞ্জীৰ উপেক্ষিতা।

 গুৱাহাটীৰ বৰফুকনে বুঢ়াগোহাঁইৰ ক্ষমতা খৰ্ব্ব কৰিবলৈ বিদেশীৰ সহায় লৈছিল, এই ঘটনাৰ পুনৰ অভিনয় হৈছিল ১৮১৫ খৃষ্টাব্দত। পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙ্গৰীয়াই ৰাজক্ষমতা গ্ৰাস কৰিছে, তেওঁক ধ্বংস নকৰিলে অসমদেশ ৰসাতললৈ যাব, ইয়াকে কৈ ভাটীৰ বৰফুকন বদনচন্দ্ৰই বঙ্গৰ ইংৰাজ চৰকাৰৰ পৰা সৈন্য-সহায় খুজিছিল, তাত বিফলমনোৰথ হৈ মানদেশৰ পৰা সৈন্য আনি নিজৰ উদ্দেশ্য সিদ্ধি কৰিছিল। বিদেশী সৈন্যক অসমত সুমুৱাই সকলে৷ ৰজাঘৰীয়া কাৰ্য্যৰ নিয়ন্তা হৈ বদনচন্দ্ৰই মন্ত্ৰী-ফুকন খিতাপ ললে, সেইদৰে লালুকেও মন্ত্ৰী-ফুকন খিতাপ | লৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙ্গৰীয়াই নৰীয়া পৰি বা হীৰা চেলেকি প্ৰাণত্যাগ কৰিছিল; আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ মৃত্যু ঘটিছিল লালুকৰ ষৰযন্ত্ৰত চাওদাঙ্গৰ অস্ত্ৰৰ আঘাতত। বদনচন্দ্ৰৰ মনত আশঙ্কাৰ সৃষ্টি কৰিছিল ৰহস্য-পত্ৰৰ দ্বাৰা জীয়েক পিজৌ গাভৰুৱে; অৱশ্যে গাভৰুৱে বিচৰা নাছিল যে দেউতাকে বিদেশৰ পৰা সৈন্য আনি দেশত কণিবিহৰ সঁচ মেলিব। সেই দৰে ভাগিনীয়েক ৰমণী গাভৰু চুবেদাৰৰ বেগম স্বৰূপে অসমৰ গাত লগা বঙ্গদেশত থিত হোৱাত লালুকে স্বাৰ্থসিদ্ধিৰ কাৰণে উৎসাহ পাইছিল। মোমায়েকৰ অদূৰদৰ্শী বিশ্বাসঘাতকী কামত যে ভাগিনীয়েকৰ সহানুভূতি