সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
ৰমণী গাভৰু

লাগিব, নোৱাৰিলে তোৰ গৰ্জন মাৰিম।” ইফালে অসমীয়াই একবাক্যে কৈছিল,—“আমি গুৱাহাটী এৰি নিদিওঁ।” বিয়াৰ আড়ম্বৰত হয়তো যোগ দিছিল পোন্ধৰ বছৰীয়া দৰাৰ জেঠায়েক জাহানাৰা বেগমে আৰু বায়েক সুকবি জেবিউন্নিছাই। কিন্তু তাত কইনাৰ বংশ-পৰিয়ালৰ মানুহ কোনো নাছিল।

 পাদশ্যাহজাদা আজমতাৰাৰ বেগম হোৱাৰ পাচতো কোনেও গাভৰুৰ ভু লোৱা নাছিল। এনেস্থলত, বহুবছৰৰ মূৰত মোমায়েকৰ উপহাৰ গৈ চুলতানৰ দৰবাৰ পোৱাত গাভৰু গৌৰাৱান্বিত হল, আৰু তেওঁৰ অতীতৰ শোকলগা কাহিনীও এটি-এটিকৈ মনত পৰিবলৈ ধৰিলে। গাভৰুৱে লিখিলে,—“মোৰ ছয় বৎসৰত পিতৃ-মাতৃৰ পৰা পৃথক কৰি মোগলৰ ভেটি কৰি দিলা। এতিয়া মোৰ উনৈছ বছৰ বয়স হল। মঞি দুখুনীৰ কিছু বাৰ্ত্তা কোনো দিন কোনো কালত কোনো মাসত নলৈছা!” এই আষাৰ কথাত অন্তৰৰ কিমান গভীৰ বেদনা লুকাই আছে তাক সহজে অনুমান কৰিব পাৰি।

 বাই-ভনী আত্মীয়-স্বজন দেশবাসীৰ প্ৰতি অপৰিসীম স্নেহেই হৈছে গাভৰুৰ চৰিত্ৰৰ সাতশৰী কণ্ঠহাৰ, কিন্তু তাতোকৈ মূল্যবান দেবাঙ্গভূষণ হৈছে গাভৰুৰ নিৰ্ভীকতা। বিদেশত পৰৰ সমাজত আনৰ মৰম আৰু সদ্ভাবৰ মুখাপেক্ষী হৈ গাভৰুৱে দিন কটাইছিল। তেনে অৱস্থাত, সম্ৰাট আওৰংজেব আৰু তেওঁৰ পুতেক বঙ্গব চুবেদাৰ আজমতাৰাই বিচাৰিছিল লালুক বৰফুকনেৰে সৈতে চক্ৰান্ত কৰি গুৱাহাটী লবলৈ। গাভৰুৱে মোমায়েকলৈ লিখি পঠিয়ালে, – “সাৱধান, এনে নিন্দনীয় কাম কেতিয়াও নকৰিবা।” ৰমণী গাভৰুৰ এই নিৰ্ভীক প্ৰচেষ্টাৰ দৃষ্টান্ত অসমীয়া পুৰুষ-ৰমণী সকলোৰে যাউতিযুগীয়া আদৰ্শ হৈ থাকিব।

 ৰমণী গাভৰুৰ কথা কবলৈ যাওঁতে আমি আৰু এগৰাকী অসম-জিয়ৰীৰ কথা পাহৰিব নালাগে। স্বৰ্গদেৱৰ জীয়েকৰ লগত তিপাম ৰজাৰ