সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৩
সামৰণি

পাৰিছিল, ইয়াৰ এক অনুপম দৃষ্টান্ত দিছিল ৰমণী গাভৰুৱে। কিন্তু দুখৰ কথা তেওঁৰ বিষয়ে আৰু সৰহ কথা গোটাৰ পৰা নগল। অসম-মোগলৰ সন্ধিসূত্ৰে গাভৰুক দিল্লীৰ পাদশ্যাহৰ অন্দৰমহললৈ পঠোৱা হৈছিল, আৰু লালুক বৰফুকনে চুলতান আজমতাৰালৈ ভিতৰি কথা দি বিনাযুদ্ধে গুৱাহাটী ত্যাগ কৰিছিল,—এই দুই ঘটনাৰ সংস্ৰবত মাথোন পুৰণি অসম বুৰঞ্জীত ৰমণী গাভৰুৰ উল্লেখ পোৱা যায়। পাৰশ্য ভাষাত লিখা বুৰঞ্জীত গাভৰুৰ বিয়াৰ কথাও উল্লেখ আছে।

 সেই সময়ত অসম আৰু মোগলৰ মাজত বৈৰী ভাব, গতিকে গাভৰুৱ লগত আদান-প্ৰদানৰ অসুবিধা আছিল। বিশেষতঃ, তেওঁ স্বামী আজমতাৰাৰ লগত দাক্ষিণাত্য, ৰাজপুতানা আৰু হিন্দুস্থানৰ নানা ঠাইত ভ্ৰমিব লগাত পৰিছিল। অসমৰ ভিতৰতে দোৰ্ঘোৰ বিপ্লৱ, এনেস্থলত গাভৰুৰ মাকৰ ফালৰ লুখুৰাখন ফৈদৰ জ্ঞাতি-কুটুম্ব আৰু পিতৃদেৱতাৰ ফালৰ ৰাজ-পৰিয়ালৰ বৈ-বঙ্গহে তেওঁৰ গতি-বিধিৰ ভু-বাতৰি লবলৈ সুবিধা পোৱা নাছিল। আজমতাৰাৰ লগত বঙ্গদেশলৈ অহাত, আৰু মোমায়েক লালুক বৰফুকনৰ স্বাৰ্থসিদ্ধিৰ কাৰণে প্ৰয়োজন হোৱাত অসমীয়া মানুহে গাভৰুৰ খা-খবৰ লবলৈ ধৰিলে।

 ৰাজনৈতিক পাকচক্ৰত পৰি পিতৃ-স্বৰ্গদেৱে এধানমানি ছোৱালী এজনীক আও-আচহুৱা মোগললৈ পঠিয়াব লগাত পৰিছিল। গাভৰুৱে মাক-বাপেকক এৰি যাবৰ সময়ত নিশ্চয় কান্দি গছৰ পাত সৰাইছিল। তিপামৰ পানীফাটত ৰৈ থকা মোগলৰ নবাব মীৰজুমলাৰ নাৱত সালঙ্কৃতা সুসজ্জিতা ৰাজকুমাৰী অসম-জীয়ৰী ৰমণী গাভৰুৱে ভৰি দিয়াৰ দৃশ্যটো কল্পনা কৰিলে চকুপানী নোলাই নোৱাৰে। বিদেশীৰ মাজত তেওঁ ডাঙ্গৰ-দীঘল হল। তেওঁৰ বিয়াৰ বছৰত, অৰ্থাৎ ১৬৬৮ খৃষ্টাব্দত, অসম-মোগলৰ বিৰোধ চূড়ান্ত অৱস্থাত উপনীত হৈছিল। সেই সময়ত সম্ৰাট আওৰংজেবে ৰামসিংহ ৰজাক হুকুম দিছিল,- “যি প্ৰকাৰে হওক তই গুৱাহাটী লবই