সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৷৵৹

নাট্যকাৰসকলে নিজদেশৰ অতীত উপাখ্যান-কাহিনী বিচাৰি ফুৰিছে। কোনো নাট্যকাৰে ৰমণী গাভৰুক কেন্দ্ৰ কৰি, নতুন যুগৰ চিন্তাধাৰাৰ লগত খাপ-খোৱাকৈ, অথচ চিৰন্তন সত্যৰ প্ৰতিবিম্ব থকাকৈ মৌলিক নাটক লিখিবলৈ আগবাঢ়িলে বৰ্ত্তমান পুথিত থকা সন্বলৰ পবা তেওঁ সহায় পাব বুলি আশা কৰিলোঁ। নবাব মীৰজুমলাৰ অসম আক্ৰমণৰ দিনৰে পৰা মহাৰাজ গদাধৰসিংহ স্বৰ্গদেৱ সিংহাসনত বহালৈকে এই উনৈছ বছৰৰ বুৰঞ্জী বর্তমান লিখকৰ “আতন বুঢ়াগোহাই এণ্ড, হিজ, টাইম্চ", অর্থাৎ আতন বুঢ়াগোহাঁই আৰু তেওঁৰ যুগৰ কাহিনী, নামক ইংৰাজী গ্রন্থত বিস্তৃতভাৱে বৰ্ণোৱা হৈছে। সেই পুথি প্রকাশিত হলে তাৰ পৰাও নাটক-উপস্থাপনৰ সম্বল যথেস্ট পোৱা যাব।

 ৰমণী গাভৰুৱে মোমায়েক লালুক বৰফুকনলৈ দিয়া মূল ফাৰ্ছী চিঠিৰ শুদ্ধ পাঠ আৰু তাৰ নতুন ভাঙ্গনি অতি আগ্রহ আৰু যত্নেৰে যুগুত কৰি দিয়াৰ বাবে, গুৱাহাটী কটন কলেজৰ আৰ্ব্বী আৰু ফাৰ্ছী সাহিত্যৰ অধ্যাপক স্নেহাস্পদ মৌলভী আবুল ফজল ছৈয়দ আহমদদেৱলৈ এইখিনিতে কৃতজ্ঞতা জনালো।

 অপ্রকাশিত অৱস্থাত “ৰমণী গাভৰু” পঢ়ি গ্ৰীযুত বেণুধৰ শৰ্ম্মাদেৱে বিশেষ আনন্দ প্রকাশ কৰে। পুথিৰ আগকথা দু-আষাৰেক লিখিবলৈ অনুৰোধ কৰাত শৰ্ম্মাদেৱে অতি ৰঙ্গেৰে সেই অনুৰোধ ৰক্ষা কৰে, সেইবাবে তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিলোঁ। অসমৰ অতীতৰ বিষয়ে নকৈ ওলোৱা