সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
ৰমণী গাভৰু

কৰি পাখৰীক বৰকুঁৱৰী ভাঙ্গি পৰ্ব্বতীয়া কুঁৱৰী পাতিলে | এই ৰজাৰ দিনতে, ১৫৮৫ শকৰ চতৰ ৩০ দিন যাওঁতে, জয়ধ্বজসিংহ ৰজাৰ জীয়েকৰ লগত চেংধৰা বৰবৰুৱাৰ পুতেকৰ বিয়া হয়। জয়ধ্বজসিংহৰ পুত্র-সন্তান নথকাত কলীয়া ভিতৰুৱাল গোহাইক স্বৰ্গদেৱে পুত্রবোধে তুলি লৈছিল।

 চক্ৰধ্বজ সিংহৰ পাচত উদয়াদিত্য, তাৰ পাচত ৰামধ্বজ সিংহ। তাৰ পাচত চামগুৰীয়া খামজাং কোঁৱৰক ডেবেৰা বৰবৰুৱাই ৰজা পাতিলে, আৰু পাথী গাভৰুক খামজাং ৰজাৰ বৰকুঁৱৰী পাতি ৰজাক নীতি-নিয়ম দৰ-দস্তুৰ শিকাবলৈ পৰামৰ্শ দিলে। ৰজাক নামমাত্ৰ কৰি ডেবেৰাই সকলো কাৰ্য্য-কামৰ নিয়ন্তা হোৱাত আইকুঁৱৰীদেৱে খামজাং ৰজাক কলে, – “ডেবেৰাই যদি এনেকৈ থাকিব লাগিল, তুমিনো কিহৰ ৰজা ?” কুঁৱৰীৰ কথামতে ৰজাই ডেবেৰাক ধৰিবলৈ মন্ত্ৰণা কৰাত ডেবেৰাই কুঁৱৰীক কলে, বোলে, — 'জয়ধ্বজ ভগনীয়া ৰজাৰ তামূলী কুঁৱৰী আছিলি তই, তোক আনি মই বৰকুঁৱৰী পাতিলোঁ, গিৰীয়েৰৰে সৈতে মোক ধৰিবলৈ আলচ কৰ তই, বাৰু, গিৰীয়েৰৰে সৈতে ৰাজ খোৱাঁগৈ।” এই বুলি পাখৰী বৰকুঁৱৰীক চেপি মাৰি জয়ধ্বজ সিংহৰ মৈদামত স্বৰ্গদেৱৰ ঠেঙ্গব তলত থৈ পুতিলেনি, বহাগ ১৫৯৭ শক ।

 আৰু একমতে, ৰামধ্বজ সিংহ স্বৰ্গদেৱক মাৰি ডেবেৰাই পাহী কুঁৱৰীক কলে, বোলে, “তুমি মোৰ ঘৰতে থাকা।” একালৰ সামান্য মানুহ ডেবেৰা, তেওঁ এইদৰে কুঁৱৰীৰে সৈতে ঘৰ-বসতি কৰিবলৈ প্ৰস্তাৱ কৰাত, পাহী কুঁৱৰীয়ে বিষয় অপমান পাই কলে, – “বন্দী, তোৰ ইমান সাহ, নিশ্চয় তোক কাটিম।” এই কথাতে ডেবেৰাই পাহী কুঁৱৰীক মাৰি জয়ধ্বজ সিংহৰ ঠেঙ্গৰ তলত পুতিলেনি ।

 এইদৰে বিপ্লবৰ ধুমুহাত ৰহমত বানু বেগমৰ মাক, আজমতাৰাৰ শাহুয়েক পাখী গাভৰুৰ জীৱন-বন্তি নুমাল ।