মানুহে ব্যাৱহাৰ কৰা বস্ত্ৰ-অলঙ্কাৰৰ বিষয়ে ভাল আভাস পাব পাৰি। উপহাৰৰ তালিকা এই।—
চুলতান আজমতাৰালৈ দিয়া উপহাৰ। —সোনৰ বটা এটা, জোখত চলিছ টকা; সোনৰ টেমি এটা, জোখত আঠ তোলা; সোনৰ ডাবেৰে কটাৰী চাৰিখন, জোখত বাৰ তোলা; সৰ্ব্বাঙ্গ গান্ধ দুটা; গোটা গান্ধ সত্তৰটা; শুকুলা চামৰ একুৰি; কলীয়া চামৰ একুৰি; এহতীয়া খৰগ দহটা; তলযোৱা কাঠ ছসেৰ; গৰকি ন; পকাকাঠ বাইছ; গাঁঠিয়ন এমোনা, জোখত দুসেৰ; নৰা কাপোৰ বাৰখন; মখমল দুখন; কিৰ্মিজি সাতখন; কতিপা চাৰিখন; দাঁতৰ খুৰাৰে সোনৰ পীৰা দুখন, তাত সোন লগাইছে চাৰি তোলা; হাতীদাত ওঠৰটা; চৰালগা কটাৰী আঠখন; ই কটাৰী চল্লিছখন।
ৰমণী গাভৰুলৈ দিয়া উপহাৰ।– সোনৰ কংকালি এগছ, জোখত সাতচল্লিছ তোলা; সোনৰ কলি এজোৰ, জোখত চাব্বিছ তোলা; সোনৰ খাৰু এজোৰ, জোখত বাইছ তোলা; সোনৰ আঙ্গঠি দহজোৰ, জোখত আঠাইছ ৰতি; সোনৰ উঝটি দহজোৰ, জোখত আঠ তোলা; যুবমলা এমলা; সোনৰ ডাবেৰে কাকৈ দুখান, জোখত ন-তোলা; সোনৰ ডাবেৰে কটাৰী দুখন, জোখত ছ-তোলা; সোনে-পোৱালে ডিঙ্গিব মণি সাতধৰীয়া এছেৱ; সোনে-পোৱালে হাতৰ মণি চৈধ্যধৰীয়৷ এছেৱ; সোনে-পোৱালে ভৰিৰ মণি দুধৰীয়া দুধাৰ; সোনৰ ডাউ-বৰৈয়েৰে ফুলাম বৰকাপোৰ দুজোৰ, ইয়াত বৰৈ আছে এঘাৰ গণ্ডা, সৰুবৰৈ আঠ-দহ গণ্ডা, ডাউ আঠ গণ্ডা, সোনৰ ফুল বাৰ গণ্ডা, সোনৰ ডাউয়েৰে মেখেলা এজোৰ, ডাউ খনে সাত গণ্ডা; সোনা-ৰূপা ডাউয়েৰে মেখেল৷ এজোৰ, সোনৰ ডাউ খাইছিল চৈধ্যটা, ৰূপৰ ডাউ এঘাৰ গণ্ডা; সোনৰ ডাউ-বৰৈ দিয়া ৰিহা এখন; সোনৰ ডাউবৰৈ দিয়া টঙ্গালি দুগছ; উকা টঙ্গালি দুগছ; ফুলাম বৰকাপোৰ ছ-জোৰ;