নোৱাৰা কাম এটা ইমান সহজে সম্পন্ন কৰাত বাদশ্যাহী মহলত চুলতান আজমতাৰাৰ খ্যাতি চৰিবলৈ ধৰিলে। “মাছিৰ-ই-আলমগীৰি” নামে ফাৰ্চ্ছী গ্ৰন্থমতে, গুৱাহাটী অধিকাৰৰ শুভবাৰ্ত্তা বহন কৰা দূত শাহৰুখক সম্ৰাট আওৰংজেবে এহেজাৰ টকা বঁটা দিলে, আৰু পুৰস্কাৰৰূপে আজমতাৰালৈ পঠিয়ালে দুই লাখ টকা মূল্যৰ চাৰিকুৰি এঘাৰটা বাখৰ পতোৱা এধাৰি কণ্ঠহাৰ, আৰু পাগুৰিত মৰা পচিছ হাজাৰ টকা মূল্যব এটী টুৰা।
ইতিমধ্যে, মনচুৰ-খাঁই সৈন্য সহিতে কিয় কামৰূপ সোমাইছে তাকে নিৰ্ণয় কৰিবলৈ বুঢ়াগোহাঁয়ে প্ৰথমে পঠিয়াইছিল খনিকৰ বৰুৱাক, আৰু পাচৰ বাৰ কলীয়া কটকীক। তেওঁলোকে আহি মোগলক দেখিলে, কিন্তু মোগলৰ উদ্দেশ্য কি তাক নিশ্চয় কৰি জানিব নোৱাৰিলে। তৃতীয়বাৰ অহা গজপুৰীয়া বুঢ়া হাতীবৰুৱাই চাই-চিতি স্বৰ্গদেৱত জনালে, বোলে, — "স্বৰ্গদেৱ, বঙ্গালক দেখিলোঁ, ঘৰ-বঙ্গাল কি পৰ-বঙ্গাল ইয়াক নিৰ্ণয় কৰিব নোৱাৰিলোঁ। আমাৰো নাও-নাৱাৰাখন আহিলা-পাতি একো তিয়াৰ নেদেখিলোঁ, ফুকনবিলাকৰ নাওদুনিখন ভৰাখোৱা হৈ উজনীমুখ কৰি আছে।”
হাতীবৰুৱাৰ কথা শুনি স্বৰ্গদেৱে বুঢ়াগোহাঁই ডাঙ্গৰীয়া, তেওঁৰ ককায়েক নাওবৈচা ফুকন, আৰু অন্যান্য ফুকনক লোকজন দি গুৱাহাটীৰ পোনে পঠিয়ালে। সেই সময়ত লালুক বৰফুকনে গুৱাহাটী এৰি কলিয়াবৰ পাইছিলহি। উজাই গৈ বুঢ়াগোহাঁইক ধৰিবৰ কাৰণে লালুক বৰফুকনে বাদুলিয়ে দিয়া ফৈদচাৰেক সৈন্যৰে সৈতে কেজনমান ফুকনক পঠিয়ালে। তেতিয়া বুঢ়াগোহাঁই গাভৰু লুইতৰ মুখ পাইছিলহি। লালুকৰ সৈন্যই বুঢ়াগোহাঁইৰ লগৰ ফুকন আৰু অন্যান্য মানুহ ধৰিলে। ইয়াকে দেখি বুঢ়াগোহাঁয়ে জকাইচুক সোমাল, তাৰ পৰা কৌপাতীলৈ গল, তাৰ পৰা সাতশৈয়াই দি নগা পৰ্ব্বতলৈ যাবলৈ ধৰোঁতে লালুকৰ মানুহে ধৰি আনি