বঙ্গালেও আহি বাদুলিৰ পৰা অনা সমাচাৰ লালুকক কলেহি, বোলে,— “সকলো কাৰ্য্য সিদ্ধ হৈছে, বাদুলিৰ সহিতে লোকজন পাচতে আহিব।” আজমতাৰা আৰু বাদুলিৰ পৰা উৎসাহজনক সমিধান পাই লালুকে গুৱাহাটী এৰাৰ আয়োজন কৰিবলৈ ধৰিলে। লালুকৰ ষড়যন্ত্ৰৰ কথা শৰাইঘটীয়া ফুকনসকলে অলপ জানিলেও তাক প্রকাশ্যে প্ৰতিবাদ কৰা তেওঁলোকৰ পক্ষে সম্ভৱপৰ হৈ নুঠিল, কাৰণ লালুক আছিল একা-চেকা ধৰ্ম্মজ্ঞান নথকা দুৰ্দান্ত মানুহ, তেওঁৰ সংকল্পৰ বিৰুদ্ধে থিয় হোৱা মানে নিজৰ ধ্বংস নিজে নিমন্ত্ৰণ কৰি অনা, তাৰ উপৰিও মোগলৰ সৈন্যশক্তি লালুকৰ সপক্ষে সজ্জিত হৈ আছিল । ৰমণী গাভৰুৰ হাক-বচনেও লালুকৰ সংকল্পৰ একো সালসলনি ঘটাব নোৱাৰিলে ।
লালুকৰ দেশদ্রোহী সংকল্প যেতিয়া কাৰ্য্যকৰী হোৱাৰ বাটত কিছু পৰিমাণে আগ বাঢ়িল, তেতিয়া গুৱাহাটীৰ মিৰি-সন্দিকৈ ফুকন আৰু মৰঙ্গি পানীফুকনে বুঢ়াগোঁহাই ডাঙ্গৰীয়ালৈ সবিশেষ কথা জনাই পঠিয়ালে। লালুকৰ ষড়যন্ত্ৰৰ কথা জনাজাত হলে দোৰ্ঘোৰ বিপত্তি হব পাৰে, এই বুলি বুঢ়াগোঁহাই ডাঙ্গৰীয়াই তাক নজনা ভাৱ লৈ থাকিল, আৰু মনৰ কথা লুকুৱাই ৰাখি বাহিৰত এনেকৈ কলে, বোলে, – “শুনা কথা সকলো মিছা; বৰফুকন এজন জানন্তা মানুহ, তেওঁ এনে কাম কিয় কৰিব ?”
তেতিয়া মানুহৰ মতি-গতি ইমান স্থিৰ নাছিল। শাসন-ক্ষমতা লংঘন কৰি নিজৰ স্বাৰ্থ পুৰোৱাটোৱেই আছিল ভালেমান বিষয়াৰ কাৰ্য্যাৱলীৰ উদ্দেশ্য। বুঢ়াগোহাঁই ডাঙ্গৰীয়াই কোনোমতে উপায়-বুদ্ধি কৰি তেওঁলোকক দমাই ৰাজ্য ৰাজ-ক্ষমতা ভাঙ্গি-পচি নোযোৱাকৈ ৰক্ষা কৰি আছিল । এতিয়া যদি লালুক বৰফুকনৰ স্বতন্ত্ৰালিৰ কথা প্ৰচাৰিত হয় তেন্তে বিদ্ৰোহলৈ ঢালখোৱা বিষয়াসকলে বৰফুকনক কেন্দ্ৰ কৰি এটি বিপ্লবী দল সৃষ্টি কৰাৰ সুবিধা পাব । ওচৰতে মোগলে খাপ লৈ আছে অসম লবলৈ, এনেস্থলত এনে ভাব দেখুৱাব লাগিব যে, – “আমি অসমীয়া