৪৩
মোমায়েক লালুকলৈ ৰমণী গাভৰুৰ চিঠি
|
|
মেহেৰবানিত মোৰ ভোগ-বিলাস মান-সন্মানত কোনো ত্ৰুটি হোৱা নাই। কিন্তু, সেইবুলি মই থাকোতে তুমি মোৰ জন্মভূমি অসমক ছল-ছন্দ কৰি পৰাধীন কৰিবা, সেই কথা মই অসম- জীয়ৰীয়ে সহিম কেনেকৈ?
|
| আজম,—
|
কিন্তু, তুমিতো এতিয়া অসম-জীয়াৰী নোহোৱা, বেগম। তুমি এতিয়া বাঙ্গলা মছনদৰ চুবেদাৰ পাদশ্যাহজাদাৰ মাছুক—বুলবুল। তেওঁৰ স্বাৰ্থই তোমাৰ স্বাৰ্থ।
|
| ৰমণী,—
|
কিন্তু, মই শুনিছোঁ, আমাৰ অসমীয়া মানুহে আজিকালি কোৱা-মেলা কৰে, বোলে, দেশতকৈ মোমাই ডাঙ্গৰ নহয়। মোৰ সৰুজনা মোমাইদেও লাচিত বৰফুকনে নিৰ্দিষ্ট সময়ৰ ভিতৰত গড় এটা বান্ধিব নোৱাৰাৰ কাৰণে মোমায়েকক নিজহাতে দুটুকুৰাকৈ কাটিছিল। মই সেই লাচিতৰে ভাগিনীয়েক।
|
| আজম,—
|
বুজিলো। তুমি অসমৰ স্বৰ্গ-মহাৰাজাৰ কন্যা। সেই ৰজাই কাৰো ওচৰত কেতিয়াও মূৰ দোওঁৱা নাই। বিশ্ব-বিজেতা সেনাপতি শ্যাহবাজসকলে সেই অসম মলুক আক্ৰমণ কৰিবলৈ গৈ বিফলমনোৰথ হৈ উভতি আহিছে। ময়ে৷ টৈমুৰৰ বংশধৰ আলমগীৰ বাদশ্যাহ আৰু পাৰস্য ৰাজবংশৰ জীয়াৰী দিলৰাছ বানুৰ পুত্ৰ। আজাদি কেনে মিঠা বস্তু মই তাৰ সোৱাদ বুজোঁ, বেগম। সেইদেখি তোমাৰ দেশপ্ৰেমৰ খোচনাম নকৰি মই নোৱাৰিলোঁ।
|
| ৰমণী,—
|
পাদশ্যাহজাদা, চেলামত। মজনুতকৈয়ো মাতোয়াৰা, ফৰহাদতকৈয়ো একনিষ্ঠ, ইউছুফতকৈয়ো সুন্দৰ মোৰ চাহেব তুমি। আহা, মোৰ কি সৌভাগ্য!
|
| আজম,—
|
লয়লা মোৰ, চিৰীণ মোৰ, জুলেখা মোৰ, বেজাৰ নাপাবা, বেগম। বাৰু, যি হল হল, এইটো কথা মহলত কাৰো আগত
|