সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
মোমায়েক লালুকলৈ ৰমণী গাভৰুৰ চিঠি
মেহেৰবানিত মোৰ ভোগ-বিলাস মান-সন্মানত কোনো ত্ৰুটি হোৱা নাই। কিন্তু, সেইবুলি মই থাকোতে তুমি মোৰ জন্মভূমি অসমক ছল-ছন্দ কৰি পৰাধীন কৰিবা, সেই কথা ম‍ই অসম- জীয়ৰীয়ে সহিম কেনেকৈ?
 আজম,— কিন্তু, তুমিতো এতিয়া অসম-জীয়াৰী নোহোৱা, বেগম। তুমি এতিয়া বাঙ্গলা মছনদৰ চুবেদাৰ পাদশ্যাহজাদাৰ মাছুক—বুলবুল। তেওঁৰ স্বাৰ্থই তোমাৰ স্বাৰ্থ।
 ৰমণী,— কিন্তু, মই শুনিছোঁ, আমাৰ অসমীয়া মানুহে আজিকালি কোৱা-মেলা কৰে, বোলে, দেশতকৈ মোমাই ডাঙ্গৰ নহয়। মোৰ সৰুজনা মোমাইদেও লাচিত বৰফুকনে নিৰ্দিষ্ট সময়ৰ ভিতৰত গড় এটা বান্ধিব নোৱাৰাৰ কাৰণে মোমায়েকক নিজহাতে দুটুকুৰাকৈ কাটিছিল। ম‍ই সেই লাচিতৰে ভাগিনীয়েক।
 আজম,— বুজিলো। তুমি অসমৰ স্বৰ্গ-মহাৰাজাৰ কন্যা। সেই ৰজাই কাৰো ওচৰত কেতিয়াও মূৰ দোওঁৱা নাই। বিশ্ব-বিজেতা সেনাপতি শ্যাহবাজসকলে সেই অসম মলুক আক্ৰমণ কৰিবলৈ গৈ বিফলমনোৰথ হৈ উভতি আহিছে। ময়ে৷ টৈমুৰৰ বংশধৰ আলমগীৰ বাদশ্যাহ আৰু পাৰস্য ৰাজবংশৰ জীয়াৰী দিলৰাছ বানুৰ পুত্ৰ। আজাদি কেনে মিঠা বস্তু মই তাৰ সোৱাদ বুজোঁ, বেগম। সেইদেখি তোমাৰ দেশপ্ৰেমৰ খোচনাম নকৰি মই নোৱাৰিলোঁ।
 ৰমণী,— পাদশ্যাহজাদা, চেলামত। মজনুতকৈয়ো মাতোয়াৰা, ফৰহাদতকৈয়ো একনিষ্ঠ, ইউছুফতকৈয়ো সুন্দৰ মোৰ চাহেব তুমি। আহা, মোৰ কি সৌভাগ্য!
 আজম,— লয়লা মোৰ, চিৰীণ মোৰ, জুলেখা মোৰ, বেজাৰ নাপাবা, বেগম। বাৰু, যি হল হল, এইটো কথা মহলত কাৰো আগত