(৷৹)
হৈছে। সহায় লোৱা গ্ৰন্থৰ তালিকা এখনি ওপৰঞ্চি যুৰি দিয়া হল।
আজমতাৰাৰ লগত বিয়া হবৰে দিন ধৰি স্বামীৰ কৰ্ম্মময় জীৱনৰ ঘটনাৱলীয়েই হল বেগম ৰমণী গাভৰুৰ জীৱন-কাহিনী। ফাৰ্ছী ভাষাত লিখা ত্বাৰিখী বা বুৰঞ্জীবোৰত আজমতাৰাৰ কথা সিচৰতি হৈ পৰি আছে। সম্ৰৰাট্ আওৰংজেবৰে সৈতে আদান-প্ৰদান কৰা চিঠি-পত্ৰ; বিজাপুৰ, গোলকুন্দা, গুজৰাট, ৰাজপুতানা, মুলতান, বিহাৰ আৰু চুবে-বাঙ্গলাৰ সমসাময়িক বুৰঞ্জী আক কাকত-পত্ৰও আৰু ইউৰোপীয় ভ্ৰমণকাৰীসকলৰ বিৱৰণীৰ পৰাও পাদশ্যাহজাদা আজমতাৰাৰ বিষয়ে নানান কথা জানিব পাৰি। সেইবোৰ বিচাৰি-খোচাৰি অধ্যয়ন কৰি চালি-জাৰি চাই আজমতাৰাৰ বিষয়ে কোনোবাই এখনি গ্ৰন্থ লিখিলে তাৰ পৰা মোগল যুগৰ ভাৰত-বুৰঞ্জী অধ্যয়নত বিশেষ সহায় হব। তেতিয়াহে পাদশ্যাহজাদাৰ ভাৰ্যা ৰমণী গাভৰুৰ সম্পৰ্কে সকলো কথা ওলাই পৰিব। আজমতাৰা আৰু ৰমণী গাভৰুৰ সাঙ্গোপাঙ্গ বৃত্তান্ত উদ্ঘাটন কৰাত বৰ্ত্তমান পুথিয়ে কিছুপৰিমাণে সহায় কৰিলেও আমি কৃতাৰ্থ মানিম।
আনন্দৰ কথা যে ভাৰতীয় পণ্ডিতসকলে আজি-কালি অসমীয়া বুবঞ্জী-সাহিত্যৰ মূল্য উপলব্ধি কৰিবলৈ ধৰিছে; বিশেষকৈ, তেওঁলোকে বুজিব পাৰিছে যে অসমীয়া বুৰঞ্জীতো ভাৰতৰ ইতিহাস সংকলনৰ আহিলা-পাতি যথেষ্ট পোৱা যায়। ঢাকা বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত আৰু শীযুত যদুনাথ সৰকাৰ মহোদয়ৰ দ্বাৰা সম্পাদিত দ্বিতীয় খণ্ড “হিষ্টৰী অব্, বেঙ্গলৰ”