সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
ৰমণী গাভৰু

 মোমায়েকলৈ এখন চিঠি লিখি গাভৰুৱে নিজৰ মনোভাবৰ সঙ্কেত দিলে। নিজৰ কুশল-মঙ্গলৰ বাতৰি দিয়াৰ পাচত গাভৰুৱে মোমায়েকক অনুৰোধ কৰিলে যে যেনে তেনে উপায়েৰে মইনাক অসমলৈ নিব লাগে, তাৰ মুখে সকলো কথা শুনিহে যেন মোমায়েকে কাৰ্য্য-কামত হাত দিয়ে।

 কিজানিবা মইনা লিগিৰাক অসমলৈ সোনকালে নিব পৰা নহয়, নিলেও কি জানিবা তাৰ কথা লালুকে বিশ্বাস নকৰে, আকৌ কি জানিবা ইতিমধ্যে লালুকে মোগলক গুৱাহাটী এৰিও দিয়ে, ইয়াকে ভাবি গাভৰুৱে চিঠিত সংকেত দি বুজালে যে এনে কাম অতি গৰ্হিত, অশান্তিমূলক আৰু নিন্দাজনক হব। গাভৰুৱে চিঠিত লিখিলে, — মইনা গৈ তোমাৰ ঠাই নাপায়মানে এনে অশোভনীয় কাম কদাচিতো নকৰিবা,—“তাকে মুঞিনা নজদে ছুমা নৰছদ, য়ি নাছায়িস্তা হৰগিজ নথাহদ কৰ্দ। ” ফাৰ্চ্ছী "না- ছায়িস্তা” শব্দৰ অৰ্থ অতি ব্যাপক, ইয়াত অযোগ্য, অসমীচীন, অশোভনীয়, অপ্ৰীতিকৰ, অশান্তিমূলক, অমঙ্গলজনক, নিন্দাজনক, এই সকলো ভাব নিহিত আছে।

 চিঠিত, লালুকৰ প্ৰস্তাৱক নিন্দনীয় বুলি কোৱাৰ উপৰিও ৰমণী গাভৰুৱে মাধৱচৰণ কটকীৰ মুখে সকলো কথা জনাই পঠিয়াইছিল। কটকী হৈছে অসমৰ ৰজাঘৰীয়া বিষয়া, লালুকে গুৱাহাটী এৰিব খোজা ৰাজদ্ৰোহৰ কথা কটকীয়ে জানি-শুনিও ৰজাঘৰত নজনালে তেওঁ জগৰীয়া হব। মোমায়েকলৈ দিয়া চিঠিখন যথাস্থানত নপৰি স্বৰ্গদেৱৰ আন বিষয়াৰ হাততো পৰিব পাৰে, তেনেহলে কটকীৰ বিপদ হোৱাৰ সম্ভাৱনা। সেইদেখি কটকীয়ে যেন লালুকৰ প্ৰস্তাৱৰ বিষয়ে একো নাজানে তাকে বুজাবৰ কাৰণে গাভৰুৱে চিঠিত লিখিলে,—বাকী সমাচৰ, মাধো ব্ৰাহ্মণ যে ইঠাই আহিছিল, দেখি-শুনি গৈছে, সেই তোমাৰ ঠাই কহিবেক।” পাচলৈ যদি কোনোবাই কটকীক দায়গ্ৰস্ত কৰে তেতিয়া কটকীয়ে কব পাৰিব,—“লালুক বৰফুকনৰ ৰাজদ্ৰোহৰ কথা আমি কি জানো? গাভৰুৱে