সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
ৰমণী গাভৰু

মুক্তি পোৱাৰ আঠ দিনৰ মূৰত দুইজনা কটকীক চুবেদাৰৰ দৰবাৰলৈ নিয়া হল, অসমৰ সাজপাৰ গুচাই তেওঁলোকক বঙ্গলা পাগ-জেমা, মুকুতাৰ কণ্ঠভূষণ আৰু সোণৰ সূতাৰে গঁথা প্ৰৱাল-মণি পিন্ধাইছিল। দৰবাৰলৈ গৈ কটকীয়ে লগত নিয়া উপহাৰবোৰ ভেটিলেনি। এই উপহাৰ পাই গাভৰুৰ বৰ গৰ্ব্ব আৰু আনন্দ হল, আৰু গাভৰুলৈ এনেকৈ স্নেহ দেখুউৱাৰ কাৰণে আজমতাৰাৰ দৰবাৰৰ নবাবসকলে মোমায়েক লালুক বৰফুকনক প্ৰশংসা কৰিবলৈ ধৰিলে। এই উপহাৰ-বিভূতিৰ পৰা প্ৰমাণিত হল যে লালুক বৰফুকন অসমৰ এজন লেখত লবলগীয়া ঐশ্বৰ্য্যৱন্ত মানুহ, তেনে হেন পুৰুষৰ মান মৰ্য্যাদা আৰু ক্ষমতা বঢ়োৱাত বঙ্গৰ চুবেদাৰে সহায় কৰাটো সমীচীন হব।



লালুক বৰফুকনলৈ আজমতাৰাৰ চিঠি

 ইতিমধ্যে বাদুলিৰ মুখৰ পৰা চুলতান আজমতাৰাই লালুকৰ গুৱাহাটী এৰা প্ৰস্তাৱ আৰু তাৰ চৰ্ত্তৰ বিষয়ে সকলো কথা শুনিছিল, হয়তো বাদুলিৰ জৰীয়তে বা মাধৱচৰণ কটকীৰ হাতে চুলতানে সেই বিষয়ে ৰহস্য-পত্ৰও পাইছিল।

 ৰজাঘৰীয়া বিষয়ত ক্ষিপ্ৰভাৱে কাম কৰাই হৈছে সুদক্ষ কৰ্ম্মচাৰীৰ নিয়ম। সম্ৰাট আওৰংজেবৰ ইচ্ছা ফলৱতী কৰিবৰ নিমিত্তে বঙ্গৰ চুবেদাৰ