সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
চুবেদাৰৰ বন্দীশালত অসমৰ কটকী

তেওঁ বুজিলে তেওঁৰ স্বামীয়ে খঙ্গৰ জালত বৰ লৰাধপৰাকৈ এই আদেশ দিছে। ইমান দিনৰ মুৰত অসমৰ দুজনা বিশিষ্ট মানুহ চুলতানৰ দৰবাৰলৈ আহিছে, তেওঁলোকৰ মুখে অসমৰ খা-খবৰ, আত্মীয়-স্বজন পৰিয়ালৰ কুশল- মঙ্গল সকলো কথা জানিবলৈ গাভৰুৰ স্বাভাবিকতে বৰ হেপাহ হল। বিশেষতঃ, পাদশ্যাহজাদাই তেওঁ থাকোতে অসমীয়া মানুহ দুজনাক, আৰু তাৰ দ্বাৰা গোটেই অসমকে এনেকৈ অপমান কৰিব, এই কথা সহিব নোৱাৰি ৰমণী গাভৰুৱে প্ৰতিকাৰৰ উপায় চিন্তিলে।

 যেতে-তেনে প্ৰকাৰে কটকীক বন্দীশালৰ পৰা মোকলাবই লাগিব, — ইয়াকে ভাবি ৰহমত বানু বেগম স্বামী আজমতাৰাৰ আগত থিয় হলগৈ আৰু কটকীক মুকলি কৰি দিবৰ কাৰণে মিনতি কৰিলে। কটকী এনেয়ে নিৰ্দোষী, অপ্ৰিয় বাৰ্তা বহন কৰাৰ নিমিত্তে কোনো দেশতে কোনো কালতে দূতৰ গাত জগৰ নপৰে, তাতে আকৌ বেগমৰ সানুনয় অনুৰোধ, তাক উপেক্ষা কৰিব নোৱাৰি পাদশ্যাহজাদাই কটকীক বন্দীশালৰ পৰা মোকলাবলৈ আদেশ দিলে। সেই আদেশ মতে কটকীক মুকলি কৰি দিয়া হল।

 ৰমণী গাভৰু ইয়াতে ক্ষান্ত হৈ নাথাকিল। তেওঁৰ নিজৰ দেশৰ মানুহ আহিছে বঙ্গৰ চুবেদাৰৰ চ'ৰালৈ, তেওঁ হৈছে পাদশ্যাহজাদাৰ পটেশ্বৰী, এনে স্থলত কটকীয়ে কোনো কথাত অসন্তোষ পাই গলে তেওঁৰহে দুৰ্যশ। সেইদেখি তেওঁ কটকীৰ খোৱোবোৱাৰ ভাল দিহা কৰি দিলে। গাভৰুৱে আজমতাৰাক কৈ কটকী দুজনাক দুখান থানা বা গাওঁ দিয়ালে, এই গাৱঁৰ পৰা কটকী দুজনা আৰু তেওঁলোকৰ লগত যোৱা মানুহৰ কাৰণে ৰচদপাতি যোগোৱা হৈছিল।

 এই কটকীৰ জৰীয়তে লালুক বৰফুকনে ৰমণী গাভৰু আৰু আজমতাৰাৰ বৰবেগমৰ কাৰণে ভালেখিনি উপহাৰ পঠিয়াইছিল, আৰু গাভৰু আৰু বৰবেগমলৈ চাৰিটা হাতী সজ্জিত কৰি উপহাৰ দিছিল। বন্দীৰ পৰা