সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চুবেদাৰৰ বন্দীশালত অসমৰ কটকী

 লালুকৰ পৰা উৎসাহপূৰ্ণ বাৰ্ত্তা পাই গুৱাহাটী-বিজয়ৰ কথা ভাবি পাদশ্যাহ্জাদা আজমতাৰা আনন্দত উৎফুল্ল হৈ আছিল। এনেতে অসমৰ কটকী মাধৱচৰণ আৰু যদুনন্দনে পাত্ৰ-মন্ত্ৰীৰ সমিধান থকা বৰফুকনৰ চিঠি লৈ খিজিৰপুৰত আজমতাৰাৰ ঠাই পালেগৈ। চিঠিৰ পদে-পদে আজমতাৰাক বিদ্ৰূপ কৰা হৈছিল। আজমতাৰাই কৈছিল,—“মোৰ লগত তিনি-শ হাতী আৰু একলাখ ঘোৰা আহিছে।” অসমে কৈছিল,— “ঘোৰা-হাতী তোমাৰ লগত বিস্তৰ আহিছে বুলি কৈ আমাক ভয় দেখুৱাইছা। কিন্তু তোমাৰ ঘোৰা আমাৰ মানত পহু। ঘোৰাই হিলৈ-কাঁড় মাৰিব নোৱাৰে, গতিকে তাৰ কথা কিয় কব লাগিছে?” এনেয়ে আজমতাৰা অলপতে-খং-উঠা বিধৰ মানুহ, অসমৰ বিদ্ৰূপপূৰ্ণ চিঠি পাই তেওঁৰ খং মূৰত উঠিল। অসমৰ কটকীক বন্দী কৰি থবলৈ তেওঁ আদেশ দিলে।

 ৰমণী গাভৰুক মীৰজুমলাৰ হাতত গতাই দিওঁতে স্বৰ্গদেৱ জয়ধ্বজ সিংহই জীয়েকৰ লগত মইনা নামৰ এটা লিগিৰা দিছিল। গাভৰুৰ লগত ভাৰতৰ নানান ঠাই ভ্ৰমি-ফুৰি মইনাই তেওঁৰে সৈতে বঙ্গদেশলৈ আহি খিজিৰপুৰ বাহৰত চুবেদাৰ আজমতাৰাৰ টোলত লিগিৰা কাম কৰে। বহুত দিনৰ মূৰত অসমীয়া মানুহ দেখা পাই কটকী দুজনাই ক'ত যায় কি কৰে ম‍ইনা লিগিৰাই তাৰ গম-গতি লৈ আছিল। পাদশ্যাহজাদাই অসমৰ কটকী দুজনাক বন্দী কৰিবলৈ আদেশ দিয়াত ম‍ইনাৰ প্ৰাণে নসহিলে। বেগমসকল থকা অন্দৰমহলৈ গৈ মইনাই ৰমণী গাভৰুক কটকীৰ দুৰ্দশাৰ কথা ভাঙ্গি কলে। পাদশ্যাহজাদাৰ আদেশৰ কথা শুনি গাভৰুও বৰ মৰ্ম্মাহত হল।