বঙ্গালৰ গতি ৰোধ কৰা বুলি দেখুৱাবলৈ মই কেজাইমান হিলৈ মৰোৱাম। তাৰ পাচত মই গুৱাহাটী এৰি উজাই যাম। এই ছেগতে মোগলৰ মানুহে আহি গুৱাহাটী লবহি। বিনাযুদ্ধে গুৱাহাটী এৰি দিয়াৰ কাৰণে মোগলে মোক চাৰিলাখ টকা ৰিচপত দিব লাগিব।” ইয়াৰ লগতে লালুকে কলে,—“মোক হলে মোগলে অসম ৰাজ্যৰ ৰজা পাতিব লাগিব।” বাদুলিয়ে সকলো কথা আজমতাৰাক কলে গৈ।
মোমাশহুৰ লালুক বৰফুকনৰ প্ৰস্তাব শুনি আজমতাৰা বিশেষৰূপে আনন্দিত হল। সম্ৰাটৰ আদেশ অনুসৰি পাদশ্যাহজাদাই নিজে বিচাৰিছিল গুৱাহাটী লবলৈ। তেওঁৰ বিশ্বাস আছিল, —পৰম সুচতুৰ সেনাপতি মীৰ্জ্জাৰাজা জয়সিংহৰ পুতেক ৰামসিংহই যি গুৱাহাটী লব নোৱাৰিলে এতিয়া যদি তেওঁ সৈন্য ক্ষয় নকৰাকৈ সেই গুৱাহাটীক মোগল সাম্ৰাজ্যৰ চামিল কৰিব পাৰে, তেন্তে তেওঁৰ কাৰ্য্যত আওৰংজেব বাদশ্যাহে সন্তোষ পাব, আৰু তাৰ পৰিণাম স্বৰূপে দিল্লীৰ সিংহাসনৰ ভাবী উত্তৰাধিকাৰী- ৰূপে তেওঁৰ দাবি আৰু গজগজীয়া হব। সেইদেখি আজমতাৰাই লালুকৰ প্ৰস্তাৱমতে কাম কৰিবলৈ সম্মতি জনাই বাদুলিক প্ৰতিশ্ৰুতি দিলে। আজমতাৰাই কলে,—“ভাল, মই কবুল কৰিলোঁ, মামুক মই অসম ৰাজ্যৰ অধিকাৰী কৰিম।” সেইমতে বাদুলিয়ে লালুকৰ মানুহৰ আগত সকলো কথা কৈ সিহঁতক অসমলৈ ওভোতাই পঠিয়ালে। লালুকে বাদুলিলৈ পোনতে পঠিয়াইছিল হাজোৰ কেদাৰ ব্ৰাহ্মণ, কোঁৱৰ ভাগৰ ৰাধা আৰু চামুৰীয়াৰ নজৰক। কিন্তু এওঁবিলাকক বাদুলিয়ে বিশ্বাস নকৰাত লালুকে আকৌ পঠিয়ালে বুৰুকৰ কলীয়া আৰু চেঙ্গয়া বঙ্গালক। এই দুজনাই বাদুলিৰ পৰা লালুকলৈ আজমতাৰাৰ সমিধান আনিছিল।