স্বাৰ্থত্যাগ, দেশপ্ৰেম আৰু সংগঠনশক্তিৰ বলত আতন বুঢ়াইগোহাঁই ডাঙ্গৰীয়াৰ ক্ষমতা বাঢ়ি অহাত তেওঁৰ প্ৰতি এদল মানুহৰ হিংসা-ভাব জন্মিল। বুঢ়াগোহাঁইৰ কাৰ্যৱলীত তেওঁলোকে অসৎ-অভিপ্ৰায় আৰোপণ কৰিবলৈ ধৰিলে। সেই সময়ত চুডৈফা পৰ্ব্বতীয়া ৰজাক এদিন ৰাতি চোৰে ঘৈৱালত সেই কাৰ্য্যত কেবাজনো ফুকন বিষয়া লিপ্ত আছে বুলি তেওঁ লোকক বিষয়ৰ পৰা গুচোৱা হল, আৰু কতোজনক আন প্ৰকাৰে শাস্তি দিয়া হল, আৰু তেওঁলোকৰ ঠাইত নতুন বিষয়া নিযুক্ত কৰা হল টুটকীয়া মানুহে বুঢ়াগোহাঁইৰ বিৰুদ্ধে গুৱাহাটীৰ ফুকনসকলৰ আগত তিলকে তাল কৰি অনেক কথা লগালে। ইয়াকে শুনি শৰাইঘটীয়া ফুকনসকলে গুৱাহাটীৰ দোপদৰত বহি প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিলে, তাতে ডেকাফুকনে কলে, – “ফুকনক স্বৰ্গদেৱেহে ভাঙ্গিব-পাতিব পাৰে! বুঢ়াগোহাঁই হৈছে এজন ডাঙ্গৰ ফুকন মাথোন। ফুকনে ফুকনক ভঙ্গা-পতা কৰা অতি অযোগ্য কথা। আজি মোক ভাঙ্গিছে, কাইলৈ তেমোলোককো ভাঙ্গিব। যিজনে ভাঙ্গে পাতে তেওঁনো কোন?” বুঢ়াগোহাঁইৰ কাৰ্য্য-কলাপৰ কথা শুনি লালুক বৰফুকনেও ভয় খাই কলে, —“ইমানদিনে বুঢ়াগোহাঁইতে ভৰসা কৰি আছিলোঁ, এতিয়া দেখিছোঁ তেওঁত ভৰসা কৰি থাকিলে সমূলঞ্চে তল যাওঁ। লোকত ভৰসা কৰি থাকিলে পাচলৈ ভয়ৰ কৰণ আছে, আপুনি শকত হৈ থাকিলে কালৈকো ভয় নাই।”
বুঢ়াগোহাঁই ডাঙ্গীয়াক ধ্বংস কৰি কিৰূপে নিজে শক্তিমন্ত হব পাৰি এই বিষয়ে লালুক বৰফুকনে ভায়েক ভাতধৰা আৰু মৰঙ্গিৰে গোপনে আলচি থিৰ কৰিলে যে, বঙ্গৰ নতুন চুবেদাৰ আজমতাৰাৰ সহায় লৈ বুঢ়াগোহাঁই আদি শত্ৰুক বধ কৰি নিজৰ ক্ষমতা নিষ্কণ্টক কৰিব লাগিব, আৰু এই সহায়ৰ প্ৰতিদানৰূপে আজমতাবাই বিচৰা মতে মোগলৰ হাতলৈ গুৱাহাটী এৰি দিব লাগিব।