অধিষ্ঠিত হয়। শৰাইঘাটৰ যুদ্ধত হাৰি ৰামসিংহই মোগলৰ থানা ৰঙ্গাঘাটিত অসমক পুনৰ আক্ৰমণ কৰাৰ ছেগ চাই খাপ দি আছিল। সেই কাৰণে অসমৰ সুচতুৰ দেশপ্ৰেমিক বিষয়াসকল গুৱাহাটীত সাষ্টম হৈ থাকিব লগাত পৰিছিল। ইয়াৰে সুযোগ লৈ উজনীৰ ৰাজধানীত স্বাৰ্থান্ধ বিষয়াসকলে নানান অকাৰ্য্য কৰিবলৈ ধৰিলে। পোনতে, ডেবেৰাই উদয়াদিত্য সিংহ, ৰামধ্বজসিংহ, আৰু চামগুৰীয়া খামজঙ্গীয়া ৰজাক হত্যা কৰে, আৰু লগে-লগে অলেখ কোঁৱৰক অঙ্গক্ষত আৰু প্ৰাণান্ত কৰি নিজে স্বয়ভু-ঈশ্বৰ হৈ ৰাজ্য তল-ওপৰ কৰিবলৈ ধৰে। ইয়াকে সহিব নোৱাৰি লালুক বৰফুকনকে আদি কৰি শৰাইঘটীয়া বিষয়াসকলে আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াক তেওঁলোকৰ মুখিয়াল পাতি লৈ উজনীলৈ গৈ ডেবেৰাক বধ কৰে, আৰু দিহিঙ্গীয়া কোঁৱৰ অৰ্জ্জুনক সিংহাসনত বহুৱায়। ডেবেৰাৰ অপৰাধৰ বিচাৰক আছিল লালুকসোলা বৰফুকন। লালুকে সুধিলে,—“ডেবেৰা, তই কিয় এনে কাম কৰিলি?” ডেবেৰাই কলে, – “আমাৰ দুয়োৰে একে গতি। দশমৰ পদ মইহে কৰিছোঁ, তয়ো কৰিবি। মোক তই পুৰুষেহে মাৰিবি, তোক ঘৰৰ তিৰিয়ে মাৰিব।” ডেবেৰাৰ অভিশাপ পাচলৈ ফলিয়ালে।
অৰ্জ্জুন ৰজাই আনৰ উচটনিত বুঢ়াগোহাঁইক ধৰিব খোজাত শৰাইঘটীয়াসকলে তেওঁক সিংহাসনৰ পৰা গুচায়, আৰু লালুকৰ ভায়েক ভাতধৰাই ৰজাক হত্যা কৰে। তাৰ পাচত বুঢ়াগোহাঁয়ে পৰ্ব্বতীয়া চুডৈফা কোঁৱৰক সিংহাসনত বহুৱায়। সেই কালত সকলো কাৰ্য্যৰে নিয়ন্তা আছিল আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়া। তেওঁ আছিল এজন সুবিবেচক, ধৈৰ্যশীল, স্বাৰ্থহীন দেশপ্ৰেমিক পুৰুষ! বিষয়াসকলে তেওঁক ৰজা হবলৈ কেবাবাৰো 'অনুৰোধ কৰিছিল; বুঢ়াগোহাঁয়ে ৰাজ-মৰ্য্যাদা প্ৰত্যাখ্যান কৰি কৈছিল, বোলে,—“ৰজাৰ গোষ্টীয়েহে ৰজা হব পায়, সাধুৰ সন্তুতিহে সাধু হোৱা উচিত, মন্ত্ৰী ই ভাৰৰ অযোগ্য।”