সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
লালুক বৰফুকনৰ গুৱাহাটী এৰা প্ৰস্তাব

খিজিৰপুৰ নামে এখন পৰগণা ও আছিল, নাৰায়ণগঞ্জ আছিল এই পৰগণাৰ ভিতৰতে। মুঠতে, খিজিৰপুৰকে ভাটীৰ ৰাজধানী বুলি ধৰা হৈছিল, আৰু ভাটী বুলিলে খিজিৰপুৰকে বুজোৱা হৈছিল। খিজিৰপুৰ চহৰ চুবে বাঙ্গলাৰ উপ-ৰাজধানী ৰূপে ব্যৱহৃত হৈছিল বুলি কব পাৰি।



লালুক বৰফুকনৰ গুৱাহাটী এৰা প্ৰস্তাব

 মোগল সম্ৰাট আওৰংজেব আৰু বঙ্গৰ চুবেদাৰ আজমতাৰাই বিচাৰিছিল গুৱাহাটী লবলৈ; অসমৰ পাত্ৰ-মন্ত্ৰীয়ে একবাক্যে কলে, – “আমি গুৱাহাটী এৰি নিদিও”। এই সন্ধিক্ষণত লালুক বৰফুকনৰ এটি অপূৰ্ব্ব সুযোগ মিলিল। বঙ্গালৰে মিত্ৰতা কৰি অসম ৰাজ্যত এজন পৰাক্ৰমী মুখিয়াল পুৰুষ হোৱা কামনা তেওঁ অন্তৰত পুহি আছিল। সেই অৰ্থে তেও এতিয়া বিনাযুদ্ধে মোগলক গুৱাহাটী এৰি দিবলৈ সাজু হল। মোগলৰ গুৱাহাটি বাঞ্ছা, গুৱাহাটী নেৰিবলৈ অসমৰ দৃঢ়প্ৰতিজ্ঞা, আৰু লালকুৰ গুৱাহাটী এৰা অভিসন্ধি, — এই তিনি সংকল্পৰ ত্ৰ্যহস্পৰ্শত অসমৰ ভাগ্য-ভাগীৰথী ওভত-সোঁতে ববলৈ ধৰিলে। কথাৰ গুৰি এই। —

 শৰাইঘাটৰ নৌ-যুদ্ধত লাচিত বৰফুকনে নৰিয়া গাৰে সৈন্য পৰিচালনা কৰিব লগাত পৰিছিল। যুদ্ধৰ দিনদিয়েকৰ পাচতে লাচিতৰ মৃত্যু হোৱাত তেওঁৰ ককাইদেৱাক নিমাতী বা লালুকসোলা গুৱাহাটীৰ বৰফুকন পদত