সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
ৰমণী গাভৰু

চুবেদাৰৰ হাউলী ফিদেই-খাঁই তেতিয়ালৈকে আজৰি কৰি দিয়া নাছিল, কাৰণ তেওঁৰ তেতিয়া নৰিয়া, আৰু সেই নৰিয়াতে ১৬০০ শকত জেঠ মাহৰ প্ৰথম পষত তেওঁৰ মৃত্যু ঘটে, দ্বিতীয় পষতহে গৈ আজমতাৰাই চুবেদাৰৰ হাউলীত প্ৰবেশ কৰিব পাৰে।

 আজমতাৰাই বাহৰ কৰি থক| খিজিৰপুৰ আছিল এখন অতি প্ৰাচীন চহৰ; আৰু ইয়াৰ অৱস্থিতি আছিল গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু লখীয়া নদীৰ সঙ্গমত। বঙ্গৰ চুবেদাৰ হৈ থকা কালত মীৰজুমলা নবাবে খিজিৰপুৰত কেবাটাও দুৰ্গ নিৰ্ম্মাণ কৰে। এই খিজিৰপুৰৰ পৰাই মীৰজুমলাৰ সৈন্য-সামন্ত নাও-নাৱৰা কোচবেহাৰ আৰু অসমৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰে, আৰু এই ঠাইৰ ওচৰতে মীৰজুমলাৰ মৃত্যু ঘটে। মীৰজুমলাৰ মৃত্যুৰ পাচত চুবে-বাঙ্গলাৰ নবাবসকলৰ মাজত অৰিয়া-অৰি লগাত শাসনশক্তি সোলোক-ঢোলোক হৈ পৰে। ৰমজান মাহৰ অন্তত ঈদ-উল-ফিতৰ, পৰ্ব্ব উপলক্ষে ভগবৎ-প্ৰাৰ্থনা আৰু সম্ৰাটৰ নামে খুটবা পাঠ আদি কাৰ্য্য খিজিৰপুৰৰ তিনি ঠাইত অনুষ্ঠিত হৈছিল, — প্ৰথম, ইহ্তিছাম খাঁৰ দপ্তৰৰ ওচৰত; দ্বিতীয়, নবাব দিলেৰ খাঁৰ বাহৰত আৰু তৃতীয়, মনোৱৰ খাঁৰ ঘৰৰ কাষত। ইয়াৰ পূৰ্ব্বে, সদৌ মুচলিম ৰাইজে একেডোখৰ ঠাই ঈদগাহত সমবেত হৈ সেই পৰ্ব্বৰ দিনা নেমাজ পঢ়িছিল। এই খিজিৰপুৰত মোগল চৰকাৰৰ নৌ-বন্দৰ স্থাপিত হৈছিল। খিজিৰপুৰ আছিল ভাটী নামে ৰাজ্যখণ্ডৰ অন্তৰ্গত। সাধাৰণতে চুবে-বাঙ্গলাৰ পানী-তলযোৱা পূৰ্ব্ব-প্ৰান্তকে ভাটী বোলা হৈছিল। ইয়াৰ ভিতৰত আছিল ৰংপুৰ ঘোৰাঘাটৰ পৰা ব্ৰহ্মপুত্ৰ আৰু মেঘনাৰ পাৰত থকা সুন্দৰবন পৰ্য্যন্তে সমুদ্ৰলৈকে গোটেই ৰাজ্যখণ্ড। সম্ৰাট আকবৰৰ সমসাময়িক আফগান ইছা-খাঁ মছনদ-ই-আলিক পূৰ্ব্ববঙ্গৰ অধিপতি হিচাবে 'মৰ্জ্জবান-ই-ভাটী' আখ্যা দিয়া হৈছিল। তেওঁৰ ৰাজধানী আছিল খিজিৰপুৰৰ কাষতে, সেইদেখি তেওঁক 'খিজিৰপুৰৰ ইছা-খাঁ' আৰু “ভাটীৰ ইছা-খাঁ” বুলিও কোৱা হৈছিল।