সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
আজমতাৰাৰ গুৱাহাটী লোৱা সংকল্প

আদেশ দি পঠালে, বোলে, – “ সীমনাৰ কথা যে কৈছে সীমনা তেওঁলোকৰ নহয়। ঈশ্বৰে যাক যেতিয়া দিয়ে তেওঁহে তেতিয়া ভোগ কৰে। পাদশ্যাহজাদাই মোৰ সীমনা বোলাটো অনুচিত, তেওঁ পাহৰিহে কৈছে। আৰু হাতী-ঘোৰা অনেক আহিছে বুলি দেখুৱাই যি লিখিছে, – তেওঁৰ ঘোৰা আমাৰ মানত পহু, কাৰণ সেই ঘোৰাই আপুনি তীৰ-বন্দুক চলাব নোৱাৰে, তাৰ কথা কিয় কব লাগিছে?” আবু-নছৰ খাৰ চিঠিত আজমতাৰাই সিয়া কাপোৰ অৰ্থাৎ চিৰপাৱ দিয়া কথা লিখা আছিল, এনে চিৰপাৱ তলতীয়া ৰজা বা বিষয়ালৈ দিয়া হয়, আৰু চিঠিত ছায়িস্তা-খাৰ নাম ওপৰত লিখি তলত বৰফুকনৰ নাম লিখা হৈছিল। এই দুই অনিয়মৰ প্ৰতি আঙ্গুলিয়াই বুঢ়াগোহাঁয়ে বৰফুকনলৈ লিখিলে, – “আগে-পিচে কেতিয়াও সিয়া কাপোৰ দিয়া নাই, এতিয়া নিয়ম এৰি সিয়া কাপোৰ আজমতাৰাই কিয় দিলে? বৰফুকন আৰু ছায়িস্তা খাৰ সমান পত্ৰহে দিব পায়। বৰফুকনৰ নাম তলত লিখি ছায়িস্তা-খাঁৰ নাম ওপৰত লিখিলে কিয়?” ওপৰত কোৱাৰ দৰে লালুকক চিঠি দিবলৈ কৈ বুঢ়াগোহায়ে বঙ্গালৰ কটকীক বিদায় দিব দিলে, আৰু বঙ্গালৰ পৰা অনা পত্ৰ-সন্দেশকো ওভোতাই দিলে। বাদুলিৰ মানুহটো গুৱাহাটীতে মৰিল।

 ইয়াৰ পূৰ্ব্বে অসম আৰু মোগলৰ সীমান্তত সৰু-সুৰা যুদ্ধ চলি আছিল। ৰঙ্গামাটিৰ নবাবক অসমে এই কথা জনোৱাত তেওঁ মাথোন কলে,— “দুই ৰাজ্যৰ সীমাত এনে কাজিয়া লগা পূৰ্ব্বৰে দত্তৰ। তেনে কথাত কোনো গুৰুত্ব আৰোপণ কৰিব নালাগে।”

 অসমৰ পাত্ৰ-মন্ত্ৰীৰ সমিধান থকা লালুক বৰফুকনৰ চিঠি আজমতাৰাৰ ঠাইলৈ নিছিল কৌপতীয়া মাধৱচৰণ আৰু গজপুৰীয়া যদুনন্দন কটকীয়ে। ১৫৯৯ শকত কাতি মাহত অসমৰ পৰা গৈ পুহ মাহমানত কটকী দুজনা ঢাকাৰ সমীপবৰ্ত্তী হয়গৈ। সেই সময়ত, ঢাকাৰ পৰা ন-মাইলমান উজনীত খিজিৰপুৰ নামে ঠাইত আজমতাৰাই বাহৰ কৰি আছিল। ঢাকাত থকা