সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
আজমতাৰাৰ গুৱাহাটী লোৱা সংকল্প

আৰু ইয়াৰ আন দুটা নাম হৈছে আগমহল আৰু আকবৰনগৰ। অম্বৰৰ ৰজা মানসিংহই এই নগৰ স্থাপন কৰে। চুলতান চূজাই বঙ্গৰ চূবেদাৰ হৈ থকা কালত ঢাকা বা জাহাঙ্গিৰনগৰৰ পৰিবৰ্ত্তে ৰাজমহলত ৰাজধানী পাতে, আৰু তাত নানান মচ্জিদ, মকবৰা আৰু থকাঘৰ আদি সাজি আৰু হাট-বজাৰ বহুৱাই ৰাজমহলৰ সৌন্দৰ্য্য আৰু সমৃদ্ধি দিল্লীৰ সমকক্ষ কৰে। পোনতে দিল্লীলৈ যাওঁতে ৰমণী গাভৰুক স্বৰ্গদেৱৰ কটকী ভবানন্দই এই ৰাজমহললৈকে আগবঢ়াই থৈছিল। চুজাৰ পাচত মীৰজুমলা বঙ্গৰ চুবেদাৰ হল। ওচৰৰ কোচবেহাৰ, অসম আৰু চট্টগ্ৰামৰ বিৰুদ্ধে যুদ্ধৰ সুবিধাৰ কাৰণে মীৰজুমলাই আকৌ ঢাকালৈ ৰাজধানী তুলি আনে। মীৰজুমলাৰ পাচৰ জনা চুবেদাৰ নবাব ছায়িস্তা-খাঁয়ো ঢাকাতে ৰাজধানী পাতে, আৰু তাত নানান অট্টালিকা সাজি নগৰৰ সৌন্দৰ্য্য বুদ্ধি কৰে।

 এই ছায়িস্তা-খাঁব চুবেদাৰী কালত ১৬৬৭ খৃষ্টাব্দত মোগলক খেদাই অসমে গুৱাহাটী উদ্ধাৰ কৰে, আৰু তাৰ চাৰিবছৰৰ পাচত গুৱাহাটী লবলৈ অহা ৰজা ৰামসিংহ শৰাইঘাটৰ যুদ্ধত পৰাজিত হয়। পাচবছৰ কাল ৰঙ্গামাটিত খাপ লৈ অসম আক্ৰমণৰ একো সুবিধা কৰিব নোৱাৰি সকলো আশা এৰি ১৬৭৬ চনত দিল্লীলৈ উভতি গৈ ৰজা ৰামসিংহই সম্ৰাট আৰংজেবক দেখা কৰে। সেইদেখি পুতেক আজমতাৰাক বঙ্গৰ চুবেদাৰ পাতি সম্ৰাটে বৰ টানকৈ আদেশ দিলে, “যি কোনো উপায়েৰে হওক তুমি গুৱাহাটী অধিকাৰ কৰি মোগলৰ লুপ্ত সন্মান পুনৰ ওভোতাই আনিব লাগিব।”

 সম্ৰাটৰ কঠোৰ আদেশ পাই ৰাজমহলত থকা অৱস্থাতে আজমতাৰাই ছায়িস্তা খাঁ নবাবলৈ গুৱাহাটী লোৱা অভিপ্ৰায় ব্যক্ত কৰি এখন চিঠি দিয়ে। ছায়িস্তা খাৰ নিৰ্দ্দেশমতে তেওঁৰ পুতেক ৰঙ্গামাটিৰ থানাদাৰ আবু-নছৰ খাঁই পাদশ্যাহজাদাৰ অভিপ্ৰায় জনাই বৰফুকনলৈ গুৱাহাটি খুজি বঙ্গলা ভাষাৰে এখন চিঠি দিয়ে, লগতে আজমতাৰাৰ ফাৰ্ছী চিঠিখনো যুৰি দিয়ে।

 আৰু-নছৰ খাঁৰ চিঠিৰ কথা এই, – “পাদশ্যাহজাদা চুলতান আজমতাৰাই