নিযুক্ত হয়, আৰু অৱশেহত মুলতান আৰু পাচত বিহাৰ প্ৰদেশৰ চুবেদাৰ পদত অধিষ্ঠিত হয়। তেতিয়া চুবে বাঙ্গলাৰ শাসনকৰ্ত্তা আছিল সম্ৰাটৰ মোমায়েক আমিৰ-উল-উমৰাও নবাব ছায়িস্তা খাঁ। তেওঁ আগ্ৰাৰ শাসনকৰ্তা নিযুক্ত হোৱাত আজমতাৰাক বঙ্গৰ চুবেদাৰ পতা হৈছিল, কিন্তু তেওঁ শাসনভাৰ লোৱাত পলম কৰাত সম্প্ৰতিকলৈ সম্ৰাটৰ ধাইমাকৰ পুতেক ফিদেই-খাঁক নিযুক্ত কৰা হয়। ফিদেই-খাঁ কোকা বা আক্ৰোহী আৰু অত্যাচাৰী বিষয়া আছিল। বাদশ্যাহী কামত অযোগ্যতা প্ৰমাণ কৰাত সম্ৰাটে ফিদেই-খাঁক চুবেদাৰ পদৰ পৰা গুচাই আজমতাৰাক শীঘ্ৰে বঙ্গৰ শাসনভাৰ হাতত লবলৈ আদেশ দিলে, আৰু ফিদেই-খাঁক বিহাৰৰ শাসনকৰ্ত্তা নিযুক্ত কৰিলে। বিহাৰলৈ যোৱাত পলম হব বুলি ভাবি সম্ৰাটে ফিদেই-খাঁক আদেশ দিলে যে তেওঁ তুৰন্তে ঢাকা নগৰ এৰি তাৰ সমীপবৰ্তী খিজিৰপুৰত বাহৰ কৰি থাকিব।
বাশ্যোহী মহলত বঙ্গৰ চুবেদাৰী পদটো ইমান লোভনীয় বুলি বিবেচিত নহৈছিল, কাৰণ, বঙ্গদেশত মাছ-পাচলি গাখীৰ-পানী আদি থোৱা-বোৱাৰ যেনে সুবিধা তাৰ জেঙ্গা-জঞ্জালো আছিল বিষম অশান্তিদায়ক। ইপোনে ৰজা জমিদাৰৰ অসৈমান ভাব আৰু নৈ-ডকাইতৰ উপদ্ৰব, তাৰ উপৰি বঙ্গৰ ওচৰতে আছিল স্বাধীনতাপ্ৰিয় কোচবেহাৰ, অসম আৰু চট্টগ্ৰাম। কিন্তু চঞ্চিছ-বছৰীয়া ডেকা পাদশ্যাহজাদাৰ লোভ লাগিল বঙ্গদেশৰ হাবি- জংঘলত চৰাই-পহু চিকাৰৰ সুবিধাৰ কাৰণে। তথাপি তেওঁ দেউতাক সম্ৰাটৰ পৰা এই প্ৰতিশ্ৰুতি আদায় কৰিলে যে পূৰ্ব্বে বঙ্গৰ চুবেদাৰ পাদশ্যাহজাদা চুলতান চুজাই ভোগ কৰা সকলো সুবিধা আৰু মৰ্য্যাদা তেওঁক দিব লাগিব। বঙ্গৰ চুবেদাৰী পোৱাত আজমতাৰাই কৈছিল,— “বাবাই মোক চুজাৰ আমোল দিছে।”
পাটনা এৰি আজমতাৰা ঢাকা অভিমুখে যাত্ৰা কৰি কিছুদিন ৰাজমহলত বাহৰ কৰি আছিল। এই চহৰ গঙ্গানদীৰ পাৰত অৱস্থিত,