সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আজমতাৰাৰ অন্দৰমহলত ৰমণী গাভৰু

 অসম আৰু মোগলৰ মাজত বৈৰীভাব চলি থকা স্বত্বেও বাদশ্যাহৰ অন্দমহলত অসম জীয়ৰী ৰমণী গাভৰুৰ আদব-সন্মানৰ কোনোৰূপ ব্যতিক্ৰম নঘটিল। সেই সময়ত বাদশ্যাহী অন্দৰমহলৰ অধ্যক্ষা আছিল সম্ৰাটৰ বায়েক জাহানাৰা বেগম। যথানিয়মে শিক্ষা লাভ কৰি ৰমণী গাভৰু মোগলৰ খানদান আদব-কায়দা কথাবাৰ্ত্তাত পৈণত হৈ উঠিল, বয়সতো অলপ বুজান হল, আৰু তেওঁৰ শৰীৰতো যৌৱনশ্ৰীয়ে দেখা দিলে। এতিয়া স্থিৰ কৰা হল তেওঁক আৰু অকুমাৰী-অবিবাহিত অৱস্থাত ৰখাটো যুগুত নহব। সম্ৰাট আওৰংজেবৰ তৃতীয় পুত্ৰ চুলতান আজমশ্যাহ বা আজমতাৰাৰ লগত ৰমণী গাভৰুৰ বিবাহ স্থিৰ হল। ১৬৬৮ খৃষ্টাব্দৰ দুই মেই, হিজৰী ১০৭৮, জী-হজ্‌জ মাহৰ পহিলা তাৰিখে আজমতাৰাৰ লগত ৰমণী গাভৰুৰ বিবাহ সম্পন্ন হৈ গল। গাভৰুৰ নতুন নামাকৰণ হল ৰমণীৰ ঠাইত 'ৰহমত বানু'। মছলমানী বিবাহৰ নিয়মমতে ধাৰ্য কৰিব লগা মোহৰনাৰ পৰিমাণ নিৰূপিত হল একলক্ষ চাৰিকুৰি হেজাৰ টকা। ফাৰ্ছী ভাষাত লিখা আওৰংজেবৰ ৰাজত্বৰ ইতিহাস “মাছিৰ-ই-আলম- গিৰি” গ্ৰন্থত এই বিবাহৰ উল্লেখ আছে। ৰহমত বানু এই নতুন নামাকৰণৰ পৰা ঠাৱৰ কৰিব পাৰি যে বিয়াৰ পূৰ্ব্বে বা বিয়াৰ লগে-লগে ৰমণী গাভৰুক ইছলাম ধৰ্ম্মত দীক্ষিত কৰি লোৱা হৈছিল। এই বিবাহৰ আঠমাহৰ পাচত শাহজাহান বাদশ্যাহৰ প্ৰথম পুত্ৰ দাৰাছুকহৰ কন্যা জানি বেগম বা জাহানজেব বানুৰে সৈতে আজমতাৰাৰ বিবাহ সম্পাদিত হয়। তেতিয়া পাদশ্যাহজাদাৰ বয়স আছিল ষোল বছৰ। জানি বেগমৰ লগত বিয়াৰ উপলক্ষে সম্ৰাটে পুতেকক আজমতাৰা খিতাপ দিয়ে। ১৬৮১ চনৰ