তোমালোক সকলোতে কৈছোঁ, — ভগাৰাজখন যিৰূপে ৰক্ষা পৰিব তোমালোক সকলে যুক্তি হৈ একমতিয়ে প্ৰৱৰ্ত্তি এজনাক আগত লৈ প্ৰতিপালন কৰিবা। আৰু বঙ্গাল শত্ৰুৰ বুকৰ শাল উদ্ধাৰ কৰিব পাৰিলে ভাল হয়।”
শৰাইঘাটৰ যুদ্ধ
জয়ধ্বজসিংহৰ মৃত্যুৰ পাচত চাৰিং-ৰজা সিংহাসনত বহি চক্ৰধ্বজ সিংহ নাম ললে। পেচ্কচৰ বাকী ধন আৰু হাতী সোধাবৰ কাৰণে মোগলে স্বৰ্গদেৱলৈ টানি পত্ৰ লিখিলে, আৰু স্বৰ্গদেৱলৈ অপমানজনক প্ৰস্তাৱ পঠিয়ালে। আত্মমৰ্যাদা ক্ষুণ্ণ হোৱাত মহাৰাজ চক্ৰধ্বজ সিংহই পাত্ৰ-মন্ত্ৰী আৰু বিষয়াসকলক কলে, – “বঙ্গালৰ অধীন হৈ থাকিবতকৈ মৰণেসে যুগুত। মোৰ পূৰ্ব্বীয় ৰজাসকল কেতিয়াও পৰৰ অধীন হৈ থকা নাছিল, আৰু মই কৰতলীয়া হৈ থাকিব নোখোজোঁ। মই স্বৰ্গনাৰায়ণদেৱ মহাৰাজৰ সন্ততি, বিদেশী বঙ্গালক কৰ-ভাৰ দিম কেনেকৈ?”
স্বৰ্গদেৱে প্ৰস্তাৱ কৰিলে গুৱাহাটীৰ পৰা বঙ্গালক খেদি কামৰূপ ৰাজ্য উদ্ধাৰ কৰিব লাগে। স্বৰ্গদেৱৰ প্ৰস্তাৱত ডা-ডাঙ্গৰীয়া বৰুৱা-ফুকন সকলো মাস্তি হল, আৰু মোগলক আক্ৰমণ কৰিবৰ নিমিত্তে বিপুল আয়োজন চলিল। ১৫৮৯ শকৰ কাতি, অৰ্থাৎ ১৬৬৭ খৃষ্টাব্দৰ নবেম্বৰ মাহত, মোমাই তামুলী বৰবৰুবাৰ পুত্ৰ সেনাপতি লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁই ৰাজমন্ত্ৰী ডাঙ্গৰীয়াৰ নেতৃত্বত অসমীয়া সৈন্যই গুৱাহাটীৰ পৰা