সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
মীৰজুমলাৰ হাতত ৰমণী গাভৰু সমৰ্পণ

থানা কৰি এই খণ্ড ৰাজ্য শাসন কৰিব। দেশ উবাৰ হোৱাত নব্বৈ হাতী আৰু তিন লাখ টকা তেতিয়া দিব নোৱাৰাত তাকে কিস্তি কৰি সেই মাঘৰ পৰা এবছৰৰ ভিতৰত চাৰিমাহৰ অন্তৰে অন্তৰে এক লাখ টকা আৰু ডেৰকুৰি হাতী সোধাবলৈ অসমে গাত ললে। নিৰ্দ্ধাৰিত পেচ্কচৰ টকা আৰু হাতী সম্পূৰ্ণকৈ নোসোধোৱালৈকে ওল স্বৰূপে বুঢ়াগোহাঁইৰ ভতিজাক; আৰু বৰগোহাঁই, বৰপাত্ৰ গোহাঁই আৰু ৰাজমন্ত্ৰীৰ পুতেক একোজন গুৱাহাটীত থকাৰ ব্যৱস্থা হল। কিছুদিনৰ পাচত অসম-মোগলৰ সীমা ধাৰ্য্য হল উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলি। গাভৰুক উলিয়াই দিওঁতে চান্দৰায়, কমল আৰু গজলাই মীৰজুমলাৰ হাতত দিছিল পূৰ্ব্বৰ কবুলমতে সোণ ২০,০০০ তোলা আৰু ৰূপ ১২০,০০০ টকা।

 মাঘৰ চাৰিদিন যাওঁতে শনিবাৰে ৰমণী গাভৰু আৰু তিপাম ৰজাৰ জীয়েকক স্বৰ্গদেৱে বাদশ্যাহৰ মহললৈ উলিয়াই দিলে। বুঢ়াগোহাঁই আৰু ৰজাশহুৰ ৰাজমন্ত্ৰীয়ে নিজে গৈ তিপামৰ পানীফাটত নবাব মীৰজুমলা আৰু দিলেৰ খাঁৰ হাতত গাভৰু দুগৰাকীক সমৰ্পণ কৰিলে। তেওঁলোকৰ লগত গৈছিল অসমৰ পক্ষৰ পৰা চান্দৰায়, গজলসুতীয়া আৰু কমল; আৰু বঙ্গালৰ পক্ষৰ পৰা গদাই আৰু ভবমল। লাখটকীয়াৰ শঙ্কৰ বৰাও অনেক ভাল মানুহ সৈতে লগত গৈছিল। গাভৰু দুগৰাকীক যথাযোগ্য সম্মানেৰে নবাব মীৰজুমলাই নিজৰ বাহৰুৰা অন্দৰমহলত ঠাই দিলে। সেই জানানামহলত মীৰজুমলাৰ বেগম প্ৰমুখ্যে পাচ-শ গৰাকী মহিলাই ঠাই পাইছিল। পেচ্কচৰ প্ৰথম অংশ টকা আৰু হাতী অসমৰ বিষয়াসকলে নিয়মমতে সোধোৱাত তেওঁলোকক নবাবে ধন্যবাদ দিলে। মীৰজুমলাই স্বৰ্গদেৱলৈ লিখিলে, – “আমি সসৈন্যে ভটীয়াই যাওঁ, তুমি ৰাজ্য ভোগ কবি আনন্দে থাকা।”

 সেই মাঘ মাহতে নবাব মীৰজুমলাই দেৰগাওঁ এৰি লখৌগড়লৈ যাত্ৰা কৰিলে, তাতে নাও-নাৱৰা সমস্তে তৈয়াৰ হৈ আছিল। চাৰিদিনৰ মূৰত