গ্ৰহণীতো বহুত মানুহ মৰিল। লগত অহা মোগল কাকতীয়ে লিখা বুৰঞ্জীৰ ভাষাৰে কবলৈ গলে, “আমীৰসকলে দিল্লীৰ পোনে হেপাহৰ চকুৰে চাই আছিল, আৰু সৈন্যসকলো লৰা-তিৰোতাৰ কাৰণে ব্যাকুল হৈ পৰিছিল।”
ইমান কষ্ট-যন্ত্ৰণা স্বত্বেও মোগলৰ বল ক্ষীণ নহল। সেই বিষয়ে অসমীয়া বুৰঞ্জীত আছে, – “অভয়পুৰ দিহিং আদি কৰি গুৱাহাটী পৰ্যন্তে বঙ্গাল ব্যাপি আছে। পাছে আহামৰ সেনাপতিসকল ওলাই নাৱে-তৰে যৱনক যতে পাই ততে দগা দি কাটিছিল। দক্ষিণকোলে উত্তৰকোলে বঙ্গালক অবিচ্ছেদ কাটে। এই মতে ন-মাস গল। তথাপি যৱন বিমুখ নহল।” সেই সময়ত মোমাই তামুলী বৰবৰুৱাৰ পুতেক বাদুলি ফুকন আৰু হৰিডেকাৰ পুতেক জগৎৰাম আদি কৰি কেবাজনো অসমীয়া সেনাপতিয়ে মীৰজুমলাৰে সৈতে মিত্ৰতা কৰি দেশবাসীৰ স্বাৰ্থ বিসৰ্জন দিছিল।
সোণৰ সঁফুৰা অসম ৰাজ্যৰ সোঁ-মাজত বিদেশীৰ পয়োভৰ সহিব নোৱাৰি পাত্ৰ-মন্ত্ৰী বিষয়াসকলে থিৰ কৰিলে, – “যি উপায়েৰে হওক, বঙ্গালক কৰ-ভাৰ পেচকচ দি সম্প্ৰতি নিজ দেশলৈ ওভোতাই পঠোৱা যাওক। পাচে পৰে সুবিধা বুজি বঙ্গালৰ পৰা স্বতন্ত্ৰ হবলৈ চেষ্টা কৰা যাব।” স্বৰ্গদেৱ জয়ধ্বজ সিংহ মহাৰাজেও কৈ পঠিয়ালে, “সিবোৰে যেনেকৈ পাৰে কথাবাৰ্ত্তা হৈ বঙ্গালক ওভোতাই পঠাওক। যদি পঠিয়াব নোৱাৰে মই নৰালৈ যাম।” মোগলৰ সেনাপতি মীৰজুমলাই কলে,— “ই ৰাজ্য পাৎশাহী বৈয়ত হল। সিবোৰে মনে জানি এই ৰাজ্যত কতনা টকা উঠে আমাত বুজাই ৰাজ্য ৰাখক, তেহে ফিৰি যাওঁ। নহলে স্বৰ্গ- মহাৰাজা যেই ঠাইকে যায় সেই থাইকে হামু খেদি যাম।”
তাৰ পাচত দুয়ো পক্ষৰ কটকী চলাচল হবলৈ ধৰিলে। সাৱশেষত নবাব মীৰজুমলাই কলে, – “স্বৰ্গ-মহাৰাজাই পাৎশ্যাহলৈ তিনি লাখ টকা