সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
ৰমণী গাভৰু

দেৱক কৈছিল,--“মোক কামৰূপ ৰাজ্যৰ শাপে চুলে । তহঁতেও সকলোৱে উদগালি। যদি দুই-একে হাক দিলিহেতেন মইনেকি এনে কাম কৰোঁ ?” তাৰ পাচত বাইচা গাৱঁত থাকোঁতে ঘৰত জুই লগাত স্বৰ্গদেৱে কৈছিল,— “ফুকনে মোলৈ জনাই আছিল। বছৰি দুঠাইত একো চপৰা মাটি দিয়া হলে মোৰ এনে অৱস্থা কেলেই হবলৈ পায়।” দলৌগুৰি পাওঁতে পোহাৰীয়ে পলৰীয়া ৰজাক লগ পাই কলে,— "স্বৰ্গদেৱ, তুমি ৰং-আনন্দতহে মন দিলা! এই পোন্ধৰ বছৰে যদি দিব লগা ঠাইত পোন্ধৰ চপৰা মাটি দিলাহেতেন তোমাৰ কিয় এনে অৱস্থা হবলৈ পায়? আমাক কত এৰি থৈ যোৱা?” চৰাইদেও পাই দেৱতাক সেৱা কৰি ৰজাদেৱে কলে, “তুমি মোক ইবাৰ ৰক্ষা কৰি এই ঠাইলৈ আনিবা যদি তেবে ইয়াৰ বিচাৰ কৰাবা। যাক যাক ভাল খুৱালোঁ পিন্ধালোঁ তাৰ মুখত এই কথা নাপালোঁ, এতিয়া আপদ-কালত পোহাৰীৰ মুখতহে পালোঁ! নাজানো ইষ্টদেৱ, তুমি কেনে অৱস্থা কৰা!” ৰাজ্যৰ দুর্দিনত নগৰ এৰি পলাই যোৱাৰ নিমিত্তে মহাৰাজ জয়ধ্বজসিংহ স্বৰ্গদেৱ “ভগনীয়া ৰজা” নামে পাচত জনাজাত হয়।

 ১৭ মাৰ্চৰ দিনা মীৰজুমলা নবাবে গড়গাওঁ অধিকাৰ কৰি স্বৰ্গদেৱৰ কাৰেঙ্গত বাস কৰিবলৈ ধৰে। তাৰ পাচত গড়গাওঁ নগৰৰ ওচৰে-পাঁজৰে সকলো ঠাইতে থানা পাতি সৈন্য থৈ মীৰজুমলাই অসমত পাদশ্যাহী আমোল প্ৰৱৰ্ত্তাৱলৈ চেষ্টা কৰিলে। এইবাৰ অসমীয়াৰ দগা-যুদ্ধৰ সময় আহিল।

 অসমীয়া প্ৰজা আৰু সৈন্যই মোগলক নানান প্ৰকাৰে হাৰাশাস্তি কৰিবলৈ ধৰিলে, তেওঁলোকে মোগলৰ ৰচদ্-পাতি অহাৰ বাট-পথ ৰোধ কৰিলে, আৰু ধান-চাউলৰ গোলা-গঞ্জ পুৰি নষ্ট কৰি পেলালে। খোৱা বস্তুৰ অভাৱত মোগল সৈন্যই অশেষ লেকাত ভুঞ্জিবলৈ ধৰিলে। দগা দি ৰণ কৰি ফুৰা অসমীয়াৰ হাতত বিস্তৰ মোগল সেনা মৃত্যু-মুখত পৰিল, জ্বৰ-