মীৰজুমলাই কোচবেহাৰৰ ৰাজধানী অধিকাৰ কৰিলে, প্ৰাণনাৰায়ণ ৰজাই নগৰ এৰি পলাই ভোটান্তত আশ্ৰয় ললেগৈ। তাৰ পাচত মীৰজুমলা সসৈন্যে অসম-অভিমুখে ৰাওনা হল।
মীৰজুমলাৰ হাতত ৰমণী গাভৰু সমৰ্পণ
১৬৬২ খৃষ্টাব্দৰ আদি ভাগত মোগলৰ সেনাপতি নবাব মীৰজুমলাই অসম আক্ৰমণ কৰে। নামনিৰ মানাহামুখ, পাঞ্চৰতন, পাণ্ডু, শৰাইঘাট, কাজলী আদি ঠাইত মোগলে বিশেষ প্ৰতিবন্ধক নাপালে। ইয়াৰ কাৰণ হৈছে, কায়স্থকুলীয়া মনথিৰ ভঁৰালী বৰুৱাক স্বৰ্গদেৱে পৰ্ব্বতীয়া ফুকন পাতি যুদ্ধৰ চৰ্দাৰ নিযুক্ত কৰিছিল। ইয়াতে অসন্তুষ্ট হৈ নামনিয়াল ৰজাশহুৰ বৰফুকন প্ৰমুখ্যে আহোম সেনাপতিসকলে যুদ্ধলৈ মন এৰিছিল। তাৰ পাচত ঘুটিঘুৰূৱা, শিমলুগড়, চামধৰা, কলিয়াবৰ, পোতাকলঙ্গ, কুকুৰাকটা আদি ঠাইত অসমীয়াই যুদ্ধ কৰি নোৱাৰাত মীৰজুমলা নবাবে ৰাজধানী গড়গাওঁ নগৰৰ পোনে আগবাঢ়িবলৈ ধৰিলে।
বিদেশী আহি ৰাজধানীৰ সমীপবৰ্ত্তী হোৱাত স্বৰ্গদেৱ জয়ধ্বজ সিংহই বৰকুঁৱৰীৰ হাতত ধৰি কান্দিবলৈ ধৰিলে। পাচে নগৰ এৰি নামৰূপৰ চৰাইখোৰোঙ্গত আশ্ৰয় ললেগৈ। বাটত যাওঁতে স্বৰ্গদেৱে বকতাত এদিন থাকে। সেই ৰাতি বতাহ বৰষুণ হোৱাত স্বৰ্গদেৱে কষ্ট পাই আইকুঁৱৰী-