ফুকন আৰু ৰাজমন্ত্ৰী ফুকন হয়গৈ, বুৰঞ্জীত এওঁ গড়গঞা ৰজাশহুৰ বুলি প্ৰখ্যাত। ককায়েক চেংমুন নামনিয়াল ৰজাশহুৰ কলিয়াবৰত বৰফুকন হয়। কুহুমী বৰকুঁৱৰীৰ বায়েকক বিয়া কৰিছিল পুখুৰীপৰীয়া বুঢ়াগোহাঁই- ফৈদীয়া ডেকা হাতী-মাউত এজনে। আইদেৱে এদিন ভনীয়েকক চাবলৈ অহাত জয়ধ্বজ সিংহ ৰজাদেৱে দেখি তেওঁৰ ৰূপত মুগ্ধ হল, আৰু জেশাহুয়েকক ঘৰলৈ যাবলৈ নিদি লুকুৱাই ৰাখি তেওঁৰে সৈতে গোপনে সাক্ষাৎ কৰিবলৈ ধৰিলে। এই সময়ত, কাম-পীড়াত জৰ্জড়িত সাধাৰণ চেঙ্গেলীয়া ডেকা লৰাৰ আচৰণ আৰু স্বৰ্গদেৱৰ আচৰণৰ কোনো পাৰ্থক্য দেখা নগৈছিল। কুসুমী বৰকুঁৱৰীয়ে ৰজাদেৱক কলে,—“পৃথিবীৰ উপৰি স্বৰ্গদেৱ হৈছে, মোৰ বাই তোৰ জেশাহুৱেৰ, তেওৰে এনে কৰ্ম্ম কৰ, লাজ-কাজ ধৰ্ম্ম-মৰ্যাদা ক'ত থলি?” কথাষাৰ আৰু প্ৰজ্জ্বলিত হয় বুলি ভাবি গড়গঞা ৰজাশহুৰে বৰজনী জীয়েকক গিৰীয়েকৰ পৰা এৰুৱাই আনি স্বৰ্গদেৱৰ চাঙ্গত তুলিলেনি, স্বৰ্গদেৱে তেওঁক পৰ্ব্বতীয়া কুঁৱৰী পাতিলে। কিছুদিনৰ পাচত স্বৰ্গদেৱে চাওদাং পঠিয়াই পৰ্ব্বতীয়া কুঁৱৰীৰ প্ৰথমজনা গিৰীয়েকক বধ কৰালে। স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ ইয়ো এটা অকৰ্ম্ম হল।
এইদৰে পাপৰ বোজা গধুৰ হৈ পৰাত জয়ধ্বজসিংহই কলে,—“বুপাক মাৰি পিতৃবধী হলোঁ, বামুণ এটায়ো কঠালৰ গছ সাৱটি ধৰাত কাটিলে। মই যজ্ঞ কবি পাপ গুচাওঁ।” এই বুলি লুইতৰ উত্তৰপাৰে গালপোৰাঘাটত পণ্ডিত ব্ৰাহ্মণ আৰু ভাল মহন্ত চপাই সাদিন সাতৰাতি সবাহ কৰি তুলসী দুই লক্ষ দিয়াই ডাঙ্গৰকৈ যজ্ঞ পাতিলে।
এনে সময়ত মোগল সাম্ৰাজ্যত এটি নতুন পৰিস্থিতিয়ে দেখা দিলে। স্বৰ্গদেৱ জয়ধ্বজ সিংহই এই অৱস্থাৰ সুযোগ লৈ পৰাক্ৰম আৰু দক্ষতাৰে মাতৃভূমি অসমৰ গৌৰৱ-সম্মান ওভোতাই আনিলে, সেই কাৰণে তেওঁৰ দেশপ্ৰেম আৰু কাৰ্যকুশলতা অসমীয়াৰ আদৰণীয় হৈ থাকিব। অৱশ্যে,