সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰমণী গাভৰু

লাপলুপ গোহাঁয়ে ককাদেউতাক লাকো বৰপাত্ৰেৰে যোত্ৰ হৈ দ্ৰোহ কৰিব খুজিছে বুলি এইজনা কুঁৱৰীয়ে ৰজাদেৱত কথা লগাই লাগলুপ গোহাঁই আৰু লাকো বৰপাত্ৰক সপুত্ৰ-বান্ধৱে বধ কৰালে। কুঁৱৰীয়ে এদিন খহুৱা গোহাঁইক ভাত খাবলৈ মাতি নি ভাতৰ পাতত বহোঁতে গালৈ শেল মাৰি পঠিয়াইছিল, কোঁৱৰ কথমপিহে ৰক্ষা পৰিল। কুঁৱৰীয়ে আৰু অনিষ্ট কৰে বুলি নৰিয়া ৰজাই পুতেক খহুৱা গোহাঁইক পোনতে হেমনবাৰীত থলে, পাচলৈ ভোগবাৰী গাৱঁত পাতিলেনি।

 সৰিয়হ গোহাঁইৰ ভনীয়েক বৰকুঁৱৰীৰ প্ৰতিপত্তি বঢ়াত পুতেক কুকুৰেখোৱা গোহাঁয়ে কালৈকো কেৰেপ নকৰি মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিলে। —"গৰ্ভাৱতী স্ত্ৰীক দেখিলে ধৰি আনি কুকুৰৰ হতুৱাই গৰ্ভ ফলাই লৰা চাইছিলে। অন্য স্ত্ৰীক ধৰি আনি জাতি ভ্ৰষ্ট কৰিছিল। দঁতুৱা মানুহ দেখিলে কটাৰীৰ নাল দিব লাগে বুলি দাঁত কাটি লৈছিল। অন্য তিৰোতাৰ দেহৰ অংশ কাটি নি তেওঁৰ তিৰোতাক দিছিল। ফুকনবোৰৰ দোলাত কুকুৰ তুলি পহু নাৰিবলৈ গৈছিল। ফুকনবোৰে সাজ খাবলৈ গলে চৰাইলৈ বুলি গালৈ বাটলুগুটি মাৰিছিল।” কুকুৰেখোৰা গোহাইৰ অত্যাচাৰ অসহ্য হৈ পৰাত আৰু ৰজাদেৱে বৰকুঁৱৰীৰ ভয়ত একো হঁকাবঁধা নকৰাত ডাঙ্গৰীয়াসকলে নৰিয়া ৰজাক.ভাঙ্গি পুতেক খহুৱা গোহাইক ৰজা পাতিলে, আৰু বাপেক ভগাজনা ৰজাক পোনতে বনজখায আৰু পাচলৈ ৰমণীবজাৰত ৰোজবাজ দি থলে।

 ৰজা হৈ খহুৱা গোহায়ে আহোম মতে নাম ললে চুতামলা, আৰু হিন্দুমতে নাম ললে জয়ধ্বজসিংহ। মাক আইকুঁৱৰীদেৱ নৰিয়া ৰজাৰ তালৈ অহা যোৱা কৰি আছিল। নৰিয়া ৰজাই আইকুঁৱৰীদেৱৰ মুখে পুতেক জয়ধ্বজসিংহলৈ উপদেশ দি পঠিয়াইছিল, বোলে,--“পুতেৰ ৰজা হৈছে ভালেই হৈছে, মোৰো এয়ে মনস্থ। কিন্তু মোৰ নিচিনাকৈ মন্ত্ৰীৰ বশ.নহব। পুৰণি খুটা কেইটা সলাই ললেহে দিনচাৰেক ৰজা হৈ ৰাজ্য