ইয়াকে শুনি ভয় খাই ৰজাদেৱে উলটি আহি লৰীমাকক এৰিলে আক ভঁৰালী চেটিয়াৰ ফৈদৰ পেটকামূৰীয়াৰ জীয়েকক বৰকুঁৱৰীকৈ ললে। কুঁৱৰীৰ কিঞ্চিত বচনো ৰজাদেৱে পেলাব নোৱাৰিছিল, আৰু কুঁৱৰীৰ, নিমিত্তে ৰাজচৰ্চ্চাকো কৰিব নোৱাৰিছিল। কুঁৱৰীয়ে আগৰজনা গিৰিয়েকৰ ককায়েকৰ লৰা এটিক পুত্ৰৱতে তুলিছিল, জয়াদিত্য ৰজায়ো সেই লৰাটিক পুত্ৰৱতে দয়া কৰি ৰজা পাতো বুলিছিল। কিছুদিনৰ পাচত লৰাটি ঢুকুৱাত কুঁৱৰীৰ কথামতে স্বৰ্গদেৱে ডাঙ্গৰীয়া-ফুকনৰ লৰা ন-টাক তোলনীয়া লৰাৰ লগত মৈদামত জীয়াই-জীয়াই থবলৈ দিহা কৰিছিল। ইয়াকে সহিব নোৱাৰি জয়াদিত্যক ৰজা ভাঙি ভায়েক ঠানুৱা গোহাঁইক সিংহাসনত বহুৱালে। জয়াদিত্য ৰজা ভগা-ৰজা বুলিহে প্ৰখ্যাত হৈছিল।
ঠানুৱা গোহাঁই ৰজা হৈ আহেমমতে নাম ললে চুত্যিংফা। এওঁ ৰুগীয়া-বেথীয়! মানুহ আছিল দেখি মানুহে এওঁক নৰিয়া ৰজা বুলিছিল। বুৰঞ্জীত এওঁৰ বিষয়ে আছে,--“পাচে ৰজাদেৱৰ ভৰণ-পাতি লওঁতে দৰব-জাতি খাওঁতে একপৰ হয়, গা ধোওঁতে এপৰ হয়, নিয়মৰ বেলিত মেল দিব নোৱাবে, কোনোদিনা ফুকনবোৰক ভাত মাতিলৈ নমাই দিব দিয়ে, সেই দিনৰপৰাহে মাটিমেল হল। নুৱৰীয়া নিমিত্তে কঙ্কাল হালি গল, এতেকেহে কেকোবা ৰজা নাম হল।” ৰজাই গা অসুস্থ হোৱাৰ কাৰণে ৰাজকাৰ্যলৈ মন দিব নোৱাৰাত মন্ত্ৰী আৰু কুঁৱৰীৰ হাতত তেওঁ পুতলাৰ নিচিনা হল, আৰু তেওঁলোকৰ ইচ্ছামতে কাম কৰিবলৈ ধৰিলে।
নৰিয়া ৰজাৰ তিনি গৰাকী কুঁৱৰীৰ ফালৰ তিনিজন পুতেক আছিল,-_ প্ৰথম লাকো বৰপাত্ৰ গোহাঁইৰ জীয়েকৰ পুতেক লাপলুপ গোহাই; দ্বিতীয়, সৰিয়হ বুঢ়াগোহাইৰ ভনীয়েকৰ পুতেক কুকুৰেখোৱা গোহাই; আৰু তৃতীয়, সৰিয়হ বুঢ়াগোহাইৰ জীয়েকৰ পুতেক চাওচাম বা খহৱা গোহাই। ইয়াৰ ভিতৰত সৰিয়হ গোহাইৰ ভনীয়েক দাঁতিনী উগ্ৰস্বভাৱৰ তিৰোতা আছিল।