সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১৲)

আটায়ে পাহৰি ষোৱাত গাভৰুৱে বৰ বেজাৰ কৰিছে। ভূঞাদেৱে নিজ্ৰ ব্যাখ্যাৰে সেই,বেজাৰৰ সোঁত পাঠকৰ অন্তৰত বোৱাই দিব পাৰিছে। চিঠিখন অসমীয়া গন্ধীয়া-ভঁড়ালৰ এটি আপুৰুগীয়া সম্পত্তি। ইয়াতেই অসমীয়া ৰমণীৰ চৰিত্র আৰু ৰমণী গাভৰুৰ মনোভাব ফট্‌ফটীয়াকৈ ফুটি ওলাইছে।

 সোণ খপাদি বুৰঞ্জীৰ তথ্যবোৰ খপি-খপি ডাক্তৰ ভূঞাই ৰমণী গাভৰুৰ আলমতে সেইকালৰ অসমীয়া ডা-ডাঙ্গবীয়াৰ স্বভাৱ-চৰিত্ৰ, স্বাৰ্থপৰতা আৰু উচ্চাকাঙ্খাৰ এখনি সুন্দৰ দাপোণ দাঙ্গি ধৰিছে । তাত প্রতিফলিত হৈছে জয়ধ্বজসিংহ মহাৰাজৰ পয়োভৰ-পৰাক্ৰম, লালুকৰ বিশ্বাসঘাতকতা, বাদুলিৰ আত্মচৈতন্য, সময়ৰ শৰ মৰাত আতন বুঢ়াগোহাঁইৰ আলম-বিলম, অসাৰ্মথ্য ৰজাই ৰাজ্যশাসন কৰাৰ বিষময় পৰিণাম, অসমীয়া আইদেও-কুঁৱৰীসকলে পৰিধান কৰা বস্তু-অলঙ্কাৰৰ ফৰ্দ্দ, চুবেদাৰ আজমতাৰাৰ কাহিনী, আৰু মোগল সাম্ৰাজ্যৰ সমসাময়িক ঘটনাৱলীৰ চমু আভাস, এইবোৰৰ বাহিৰেও নাটক-উপন্যাসৰ সমল আৰু ৰাজনীতি-সম্পর্কীয় টোপা-নীতিবে পুথিখন ভৰি আছে। বুৰঞ্জী শুকান জেওৰা; তাৰ ৰস উলিয়াই দিব পৰাটোৱেই ৰসগ্ৰাহী বৌৰঞ্জিকৰ কাম। এই কামত ডাক্তৰ ভূঞাদেৱ সম্পূৰ্ণ সফল হৈছে। আশা কৰোঁ, এই পুথিৰ অধ্যয়নে আমাৰ ডেকা-গাভৰু বুঢা-মেথা সকলোৰে চকু গজাব।


বহাগ বিহুৰ উৰুকা দিনা,
১৮৭২ শক।‘
ইং ১৪ এপ্ৰিল, ১৯৫১ |
শ্ৰীবেণুৰৰ শর্মা