সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আগকথা

 ১৬৬২ খৃষ্টাব্দত, অসমৰ মাজ-কঁকালত যেতিয়া মীৰজুমলাৰ মোগল সৈন্যৰ গচক পৰিল আৰু মোগলে সোণাপুৰ হেন গড়গাওঁ নগৰখন লণ্ডভণ্ড কৰিলে, তেতিয়া বুঢ়াগোহাই-বৰগোহাঁই সমন্বিতে সকলো পাত্ৰমন্ত্ৰীৰে আলোচন হৈ “আইদেও এগৰাকীয়েই যাওক, তেও আমাৰ দেশখন ৰক্ষা পৰক” বুলি জয়ধ্বজসিংহ মহাৰাজে ছ-বছৰীয়া জীয়েক ৰমণী গাভৰুক ওলমালে সৈতে কান্দি-কাটি তিপামৰ ঘিলাঝাৰিঘাটত আওৰংজেব পাটশ্যাহৰ মহললৈ উলিয়াই দিয়ে। লগত দিয়ে বিস্তৰ অলঙ্কাৰ আৰু বিশ্বাসী লগুৱা মইনাক৷ কালক্ৰমত, ৰহমত বানু নাম লৈ ৰমণী গাভৰু মোগল পাটশ্যাহৰ অন্তেষপুৰত আওৰংজেবৰ পুত্র আজমতাৰাৰ আলাসৰ লাৰু হৈ পৰিলগৈ।

 তাৰ পিছত অসমৰ অৱস্থাৰ বহুতো সালসলনি ঘটিল। ৰমণীক দিওঁতে যি সন্ধি হৈছিল, সেই সন্ধিমতে কাজলীৰপৰা ভাটীছোৱা অসম বঙ্গালৰ হাতলৈ যায়। ৰাজ্যৰ এই এফাল যোৱা শোকেই জয়ধ্বজসিংহৰ বুকুত এপাট শেল মৰা দি মাৰিলে। সেই শেলেই তেওঁৰ মৃত্যুৰ কাৰণ হ'ল। ইয়াৰ পিছত লাছিত বৰফুকনে হেৰোৱা ৰাজ্য উদ্ধাৰ কৰি জয়ধ্বজসিংহৰ মুত্যুশয্যাৰ আক্ষেপ পূৰ্ণ কৰিলে। বৰফুকন লাছিতৰ মৃত্যুৰ পাছত ককায়েক লালুকসোলা গুৱাহাটীৰ বৰফুকন হল।

 লালুকসোলা আৰু বাদুলি ফুকন দুয়ো মোমাইতামূলী বৰবৰুৱাৰে পুত্ৰ। পুত্ৰ হলে কি হব? --ভাল আমৰ পুলিও বকৰাণিত গজে। লালুকৰ মনত দুর্বদ্ধিয়ে লগ ললেহি। লালুকে মন মেলিলে গুৱাহাটীখন মোগলক দি নিজে ৰজা হবলৈ। ৰাজ্যৰ পাত্ৰ-মন্ত্ৰীৰ আদেশ উলাই কৰি তেওঁ গুৱাহাটীত স্বয়ংকৈ প্রৱত্তিবলৈ ধৰিলে আৰু শৰাইঘটীয়া ফুকন-ৰাজখোৱাসকলকো গণিতা নকৰা হল। অসম