১৬০০ শক ৯ মাঘ,--চিন্তামণিগড় সজোৱা হয়।
১৬০০ শক ১৫ ফাগুন,--লালুক বৰফুকনে বিনাযুদ্ধে মোগলক গুৱাহাটী এৰি দিয়ে।
৯৬০১ শক ১৯ জেঠ,—চুডৈফা ৰজাই লালুকৰ পৰামৰ্শমতে আজমতাৰা, ৰমণী গাভৰু আদিলৈ উপহাৰ পঠিয়ায়।
১৬০১ শক ২৯ শাওণ, ইং ১৪ আগষ্ট ১৬৭৯,— আজমতাৰাই ঢাকা এৰি ৰাজপুতানা অভিমুখে যাত্রা কৰে । খেনোৰ মতে ১২ অক্তোবৰ।
১৬০১-১১ শক, ইং ১৬৭৯-৮৯, -ঢাকাত চুবেদাৰ নবাব ছায়িস্তা-খাঁ, দ্বিতীয় বাৰ।
১৬০১ শক ৫ আঘোণ,--লৰাৰজা ৰত্নধ্বজসিংহ সিংহাসনত বহে। পৰ্ব্বতীয়া ৰজা বধ।
১৬০১ শক আঘোণৰ শুক্লা দ্বিতীয়া,_কলিয়াবৰত আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ হত্যা।
১৬০১ শক আঘোণ,_ঢাকাৰ পৰা অসমৰ কটকী মাধৱচৰণ আৰু যদু উভতি আহে, লগত আহে ছায়িস্তা-খাঁৰ কটকী গোবিন্দৰাম দাস।
১৬০২ শক বহাগ-আহিন,--লালুক বুঢ়াফুকনে ৰাজমুকুট পিন্ধি ৰজাৰ আড়ম্বৰেৰে গোবিন্দৰাম কটকীক তোলে।
৯৬০২ শক ১০ আঘোণ,--ভোটাই ডেকা আদিয়ে লালুক বুঢ়াফুকনক বধ কৰে।
১৬০৩ শক ২৪ শাওণ,—গদাধৰসিংহ ৰজা হয়।
১৬০৪ শক ১ ভাদ,--মোগলক খেদি অসমে গুৱাহাটী অধিকাৰ কৰে। অসম-মোগলৰ যুদ্ধৰ সামৰণি।
১৬১৭ শক ১৪ ফাগুন,-ৰুদ্রসিংহ স্বৰ্গদেৱ সিংহাসনত বহে।
১৬২৬ শক মাঘ-ফাগুন, ইং ফেব্ৰুৱাৰী ১৭০৫,—আহমদাবাদত জাহানজেব বেগমৰ মৃত্যু ।