সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
ৰমণী গাভৰু

 ১৫৯২ শক ১৫ বহাগ,—চক্ৰধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু। উদয়াদিত্যসিংহ ৰজা হয়।

 ১৯৯২ শক ২৩ চ’ত,—শৰাইঘাটৰ যুদ্ধত পৰাস্ত হৈ ৰজা ৰামসিংহই গুৱাহাটীৰ ওচৰৰ পৰা সসৈন্যে ভটীয়াই ৰঙ্গামাটি অভিমুখে যাত্ৰা কৰে।

 ১৫৯৪ শক ১ আঘোন,—ৰামধ্বজসিংহক ডেবেৰাই ৰজা পাতে।

 ১৫৯৬ শক ৩ আঘোন,—চামগুৰীয়া খামজাং কোঁৱৰক ডেবেৰা বৰবৰুৱাই ৰজা পাতে।

 ১৫৯৬ শক ১৮ পুহ,—তুংখুঙ্গীয়া গোবৰ কোঁৱৰক ডেবেৰাই ৰজা পাতে।

 ১৫৯৬ শক ৮ মাঘ,—দিহিঙ্গীয়া অৰ্জ্জুন কোঁৱৰ ৰজা হয়, নাম লয় চুজিনফা।

 ১৫৯৮ শক ৯ আষাৰ, ইং ২৪ জুন ১৬৭৬,—ৰজা ৰামসিংহই ৰঙ্গামাটি এৰি গৈ দিল্লীত সম্ৰাট আওৰংজেবক ওলগ জনায়।

 ১৫৯৮ শক ১৫ শাওন,—পৰ্ব্বতীয়া কোঁৱৰ ৰজা হয়, নাম লয় চুডৈফা।

 ১৫৯৯ শক, ১৬ আহিন,—ৰাজমহল বাহৰৰ পৰা আজমতাৰাই গুৱাহাটী খুজি লালুক বৰফুকনলৈ দিওৱা চিঠি কলীয়া আৰু ঘনশ্যাম কটকীয়ে আনি বুঢ়াগোহাঁইক দিয়ে।

 ১৫৯৯ শক কাতি,—আজমতাৰাই গুৱাহাটী বিচৰাত অসমৰ পাত্ৰ-মন্ত্ৰীৰ সমিধান।

 ১৫৯৯ শক, মাহ আৰু তাৰিখ নাই, সম্ভৱতঃ ফাগুন কি চ’ত মাহ,— লালুক বৰফুকনলৈ ভাগিনীয়কে ৰমণী গাভৰুৰ চিঠি।

 ১৬০০ শক ২৫ জেঠ, ইং ৮ জুন ১৬৭৮,—আজমতাৰা চুবেদাৰ হৈ ঢাকা পায়হি। খেনোৰ মতে ৩০ জুন, আৰু ২৯ জুলাই।

 ১৬০০ শক আষাৰ মাহ,— মোমাশহুৰ লালুক বৰফুকনলৈ আজমতাৰাৰ চিঠি।